Public attacked rupohihat police:কেৱল কথা পাতিবলৈ যাওতেই আৰক্ষী প্ৰহৃত
🎬 Watch Now: Feature Video
ধিং, 6 জুলাই : ৰূপহীহাট আৰক্ষীক আক্ৰমণ উদণ্ড ৰাইজৰ । ৰূপহীহাটৰ পূব শিঙিমাৰীত সংঘটিত হৈছে এই ঘটনা ৷ আৰক্ষী আৰু ৰাইজৰ মাজত কথাৰ কটাকটিতেই মাৰপিটৰ ঘটনা সংঘটিত হয় ।
প্ৰাপ্ত খবৰ অনুসৰি, পূব শিঙিমাৰী বালিকা মোক্তাব বিদ্যালয় বেদখল কৰি ৰাখিছিল জনৈক ছিকন্দৰ আলীৰ পৰিয়ালৰ ওবাইদুল ইছলাম আৰু জুলহাস আলীয়ে। পৰিয়ালটোৱে জনোৱা মতে, বিদ্যালয়ৰ ভূমি ছিকন্দৰ আলীৰ পৰিয়ালৰ নামত থকা বাবে আহি দখল কৰিছিল বিদ্যালয় গৃহ । প্ৰধান শিক্ষকৰ গোচৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হৈছিল ৰূপহীহাট আৰক্ষী ।
আনহাতে আৰক্ষীয়ে জনোৱা মতে, গোচৰ ৰুজু হোৱাৰ পিচত নিৰ্দেশ মৰ্মে তেওঁলোক কেৱল কথা বতৰাৰ বাবেহে উক্তস্থানত উপস্থিত হৈছিলগৈ ৷ কথা পাতিবলৈ যাওতেই আৰক্ষীক আক্ৰমণ কৰে উদণ্ড লোকসকলে ৷ আক্ৰমণত আহত হয় ৰূপহী আৰক্ষী থানাৰ উপ-পৰিদৰ্শক উত্তম দাস।
লগতে পঢ়ক : Drugs Peddler Arrested: নগাঁৱত আদালত চৌহদৰ পৰাই ড্ৰাগছসহ আটক অধিবক্তা ৰিজোৱান