Protest in Narayanpur: অস্তিত্বৰ সংকটত নাৰায়ণপুৰৰ ঐতিহাসিক কাছমাৰি বিল - Protest in Narayanpur

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 19, 2023, 8:12 AM IST

বিহপুৰীয়া,১৯ আগষ্ট: অস্তিত্বৰ সংকটত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ঐতিহাসিক কাছমাৰি বিল । চুবুৰীয়া ৰাজ্য অৰুণাচলৰ ভূমিত অবৈধ পাহাৰ খননৰ ফলত খহি অহা মাটিয়ে এফালৰ পৰা পুতি পেলাইছে নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত পথালি পাহাৰৰ ঐতিহাসিক বিলখন ।  

৬৪ বিঘা মাটিৰে আৱৰি থকা বিলখন বিভিন্ন প্ৰজাতিৰ মাছৰ লগতে দুস্প্ৰাপ্য কাছৰ কাৰণেও বিখ্যাত । লিখা মাজি নামৰ এজন ঠিকাদাৰে অৰুণাচল চৰকাৰৰ পৃষ্ঠপোষকতাত সম্পূৰ্ণ মইমতালিৰে পাহাৰ খনন কৰাৰ পৰিণতিত ঐতিহাসিক বিলখন সম্প্ৰতি ধংসৰ গৰাহত পৰিছে ।  

বিগত সময়ছোৱাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল-সংগঠন আৰু ৰাইজে লখিমপুৰ জিলা প্ৰশাসনক বাৰম্বাৰ দাবী জনাই আহিছে যদিও কোনো সুফল লাভ নকৰিলে । যাৰ ফলত শুকুৰবাৰে ঐতিহাসিক বিলখন সুৰক্ষাৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ খেৰাজখাত আঞ্চলিক সমিতিয়ে স্থানীয় ৰাইজৰ সহযোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । 

লগতে পঢ়ক: Fire incident in Haflong: নিজ ঘৰতেই অগ্নিদগ্ধ হৈ মৃত্যু এজনৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.