Protest against Love Jihad: লাভ জেহাদ বন্ধৰ দাবীত জয় শ্ৰীৰাম ধনিৰে উত্তাল চচল - Protests against Love Jihad

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 8, 2023, 10:11 PM IST

গুৱাহাটী,৮ আগষ্ট: মহানগৰীৰ চচলত মঙলবাৰে হিন্দুত্ববাদী সংগঠন 'জাগ্ৰত প্ৰহৰী অসমে' দিছপুৰ চলো কাৰ্যসূচী ৰূপায়ণ কৰে । জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে কঠোৰ আইন প্ৰণয়ন, লাভ জেহাদ বন্ধ কৰিবলৈ ৰাজ্য চৰকাৰে আইন প্ৰণয়ন কৰি দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা, অসমৰ জনজাতি আৰু গ্ৰামাঞ্চলৰ বিভিন্ন সম্প্রদায়ক যি ধৰ্মান্তৰ কৰি আহিছে তাৰ ওপৰত অসম চৰকাৰে হিন্দুৰ ধৰ্মান্তৰকৰণ নিষিদ্ধ কৰা আইন প্ৰস্তুত কৰা, সত্ৰ, নামঘৰ, মঠ-মন্দিৰ আদি ৰাজহুৱা স্থানৰ মাটি সম্পূর্ণ বেদখলমুক্ত কৰা, বালাংদেশী মুছলমান অনুপ্ৰৱেশকাৰীৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা  আদি দাবী উত্থাপন কৰে ।

সমান্তৰালভাৱে NRC (1951) ভিত্তিবৰ্ষ হিচাপে ৰাখি পুৰণি NRC বাতিল কৰা, ডিটেইনচন কেম্পত বাস কৰা হিন্দুসকলক বিনাচর্তে অতি সোনকালে মুকলি কৰি দিয়াৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে । জয় শ্ৰী ৰাম ধ্বনিৰে পৰিৱেশ উত্তাল কৰা হিন্দুত্ববাদী সংগঠনটোৰ কৰ্মীসকলে লাভ জেহাদৰ বাবে জনসংখ্যাত প্ৰভাৱ পৰাৰ কথা উল্লেখ কৰি ইছলামিক ৰাষ্ট্ৰ গঠন কৰাৰ দাবীৰে ইছলামে ভাৰতবৰ্ষক তিনি টুকুৰা কৰা বুলিও ব্যক্ত কৰে । 

লগতে পঢ়ক: Attempt to kidnap: বিদ্যালয়লৈ গৈ থকা অৱস্থাত দুই ছাত্ৰক অপহৰণৰ চেষ্টা

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.