Protest at Jakhalabandha: জখলাবন্ধা আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি

By

Published : Feb 4, 2023, 6:32 PM IST

Updated : Feb 6, 2023, 4:07 PM IST

thumbnail

কলিয়াবৰ,৪ ফেব্ৰুৱাৰী: জখলাবন্ধা আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি (protest at jakhalabandha police station) । আৰক্ষী থানা ঘেৰাও কৰি উত্তাল পৰিৱেশৰ সৃষ্টি জখলাবন্ধা বাঘজান গাঁৱৰ শতাধিক পুৰুষ-মহিলাৰ । উল্লেখ্য, চলিত বৰ্ষৰ ১৬ জানুৱাৰীত ১৫ বছৰীয়া এগৰাকী কিশোৰৰ ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ হয় (miracle death of teen at jakhalabandha) । কিন্তু উক্ত ঘটনাক কেন্দ্ৰ কৰি আজিও অব্যাহত আছে তীব্ৰ চাঞ্চল্য(Protest at Jakhalabandha Police Station) । 

কিয়নো সেই সময়ত জখলাবন্ধা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে (murder case in jakhalabandha) । কিন্তু জখলাবন্ধা আৰক্ষীয়ে ভুক্তভোগী পৰিয়ালটোক মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন হস্তান্তৰ কৰাৰ পাচতেই পোহৰলৈ আহে জখলান্ধা আৰক্ষীৰ এক গাফিলতিৰ ঘটনা । জখলাবন্ধা আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ (Indian Panal Code) ৩০৬ ধাৰাত ৰুজু হোৱা ১২/২০২৩ নম্বৰৰ গোচৰটোৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন মনজিৎ শইকীয়াৰ পৰিৱৰ্তে উলুৱনি আৰক্ষী থানা এলেকাৰ দুৰ্ঘটনাত মৃত্যু হোৱা প্ৰাণজিৎ দাসৰ মৰণোত্তৰ প্ৰতিবেদনহে মৃত মনজিৎ শইকীয়াৰ পৰিয়ালক অৰ্পণ কৰে । এই কাৰ্যত ক্ষোভিত হৈ পৰে অঞ্চলটোৰ ৰাইজ । 

উল্লেখ্য, ১৫ বছৰীয়া অমায়িক মনজিৎ শইকীয়াৰ মৃতদেহ নিজগৃহৰ বাৰান্দাত ৰহস্যজনকভাৱে ওলমি থকা অৱস্থাত উদ্ধাৰ হয় । এই ঘটনাত আতাউৰ ৰহমান নামৰ এজন লোকৰ ওপৰত সন্দেহৰ সৃষ্টি হয় । তাৰ পাছত স্থানীয় ৰাইজৰ দাবীত অভিযুক্ত আতাউৰ ৰহমানক ১৭ জানুৱাৰীত গ্ৰেপ্তাৰ কৰি ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰে । পৰৱৰ্তী সময়ত চাৰিদিন পূৰ্বে পৰিয়ালৰ লোক মৰণোত্তৰ পৰীক্ষাৰ ফলাফল বিচাৰি জখলাবন্ধা থানালৈ যোৱাত মনজিৎ শইকীয়াৰ সলনি আন লোকৰহে মৰণোত্তৰ প্ৰতিবেদন দি দায়িত্ব সামৰে জখলাবন্ধা থানাৰ আৰক্ষীয়ে । ইয়াকে লৈ বাঘজানবাসী ৰাইজ উত্তেজিত হৈ পৰে । যাৰ বাবে শনিবাৰে জখলাবন্ধা থানা চৌহদত শতাধিক পুৰুষ-মহিলা উপস্থিত হৈ আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ উজাৰে । 

লগতে পঢ়ক: Crackdown Against Child Marriage: বাল্যবিবাহ বিৰোধী অভিযান: বিৰোধীৰ তীব্ৰ প্ৰতিক্ৰিয়া

Last Updated : Feb 6, 2023, 4:07 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.