Protest in Baksa:নামেৰে ব্যতিক্ৰমী ধৰ্ণা নামতীৰ, ভগৱানে তেওঁলোকক সুমতি দিয়ক - আন্দোলনৰ কাৰ্যসূচী

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 9:01 PM IST

বাক্সা, ১৩ ছেপ্টেম্বৰ : বাক্সাত সহস্ৰাধিক মহিলাৰ ব্যতিক্ৰমী প্ৰতিবাদ ৷ নাম-প্ৰসংগ কৰি মুখ্যমন্ত্ৰীৰ সুমতি বিচাৰি প্ৰতিবাদত নামিল মহিলা ৷ "তামুলপুৰ নালাগে আমাক বাক্সাই লাগে" বুলি নামৰ মাধ্যমেৰে দাবী জনালে এইসকল মহিলাই ৷

উল্লেখ্য যে, বাক্সা জিলাৰ বৃহত্তৰ সুৱণখাটা অঞ্চলটো তামুলপুৰ জিলাত অন্তৰ্ভূক্ত কৰাৰ বিৰোধিতা কৰি ইতিমধ্যে কেবালানি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ পাচত বুধবাৰে পুনৰ ওলাই আহে সহস্ৰাধিক মহিলা ৷ সুৱণখাটা আৰু জোপাদং সচেতন নাগৰিক মঞ্চৰ উদ্যোগত লক্ষ্মী মন্দিৰ চৌহদত মহিলাসকলে মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী, বিটিচিৰ মুখ্য কাৰ্যবাহী তথা স্থানীয় এম চি এল এৰ ফটো লৈ নাম প্ৰসংগ কৰি সুমতি বিচাৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় ৷

মহিলাসকলে নামৰ জৰিয়তে সুৱণখাটা অঞ্চল তামুলপুৰৰ সলনি বাক্সা জিলাতে বাহাল ৰখাৰ দাবী জনায় ৷ তেওঁলোকে কয় যে তামুলপুৰ যাবলৈ বাট-পথ নাই, নাই দলঙৰ ব্যৱস্থা ৷ গতিকে আমি তামুলপুৰত সংলগ্ন নহওঁ ৷ উল্লেখ্য যে, শেহতীয়াভাৱে বৃহত্তৰ সুৱণখাটা অঞ্চলৰ ৰাইজে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে ৷

লগতে পঢ়ক : Baksa protest: সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ ক্ষুদ্ধ বাক্সাৰ ১৪ খন গাঁৱৰ ৰাইজৰ গণতান্ত্ৰিক আন্দোলন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.