Fishing Competition: বিপিন চাউদাঙৰ পুখুৰীত বৰশী বাই প্ৰীতম দত্তই লাভ কৰিলে এল্ট’ বাহন

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 6:07 PM IST

thumbnail

মৰাণ, 1 অক্টোবৰ: বৰশী বোৱাটো চহা জীৱনৰ এক পৰম্পৰা ৷ কিন্তু প্ৰতিযোগিতা আৰু আধুনিক সমাজ ব্যৱস্থাৰ মাজত বৰশী বাই মাছ ধৰাটো ক্ৰমাৎ ইতিহাসত পৰিণত হৈছে ৷ ডিব্ৰুগড় জিলাৰ মৰাণত দেওবাৰে প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৰশী বোৱা প্ৰতিযোগিতা ৷

চৰাইদেউ জিলাৰ মৰাণৰ খুমটাইত অৱস্থিত জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাউদাঙৰ বৃহৎ পুখুৰীত ত্ৰিদেৱ ফিচিং গ্ৰুপে আয়োজন কৰে এই বৰশী বোৱা প্ৰতিযোগিতা ৷ এই প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ হিচাপে এখন এল্ট’ k10 গাড়ী লাভ কৰে লখিমপুৰ জিলাৰ লেচাই গাঁ‌ৱৰ প্ৰীতম দত্তই ৷ লগতে তেওঁ পোৱা মাছটোৰ ওজন 5.390 কেজি ।

দ্বিতীয় পুৰস্কাৰ হিচাপে এখন গ্লেমাৰ বাইক লাভ কৰে শিৱসাগৰৰ বাবুপতি চামচুল হকে । তেওঁ পোৱা মাছটোৰ ওজন 4.937 কেজি ।

প্ৰথম পুৰস্কাৰপ্ৰাপ্ত প্ৰীতম দত্তই প্ৰথমবাৰৰ বাবে এনেদৰে বৰশী বোৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা বুলি মন্তব্য কৰি কয় যে এই পুৰস্কাৰ লাভ কৰি তেওঁ অতিকৈ সুখী । এই ব্যতিক্ৰমী প্ৰতিযোগিতাখনক লৈ সমগ্ৰ অঞ্চলটোতে উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হয় ।

এই প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বহিঃৰাজ্যৰ পৰাও বহু প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে । প্ৰায় ছয় শতাধিক প্ৰতিযোগীয়ে ভিৰ কৰে বিপিন চাউদাঙৰ পুখুৰীৰ পাৰত ৷ এই বৰশী বোৱা প্ৰতিযোগিতাত মুঠ 45 টা পুৰস্কাৰ আছিল ।

লগতে পঢ়ক: Ban packaged drinking water bottles: 2 অক্টোবৰৰ পৰা ৰাজ্যত নিষিদ্ধ হ’ব ২৫০ এম এলৰ পানীৰ বটল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.