Saraswati puja2023: দেৱী সৰস্বতীৰ মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত মৃৎশিল্পী

By

Published : Jan 25, 2023, 3:09 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজালৈ মাজত এটা দিন (Preparation of Saraswati puja in Assam)।  ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিছে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজাৰ ব্য়াপক  প্ৰস্তুতি (Saraswati puja preparation in albari)। ছাত্ৰ-ছাত্ৰীসকলৰ লগতে  ব্যস্ততাৰ অন্ত নাই মৃৎশিল্পী সকলৰো । বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত হৈছে ৰাজ্যৰ  হাজাৰ হাজাৰ মৃৎশিল্পী (Makers preparing idol of Saraswati puja)।

নলবাৰী জিলাৰ ভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানত মৃন্ময় মূৰ্তি যোগান ধৰাৰ বাবে সাজু হৈছে মৃৎশিল্পীসকল । সেয়েহে ৰং তুলিকাৰে বাগদেৱীৰ প্ৰতিমা আকৰ্ষণীয় কৰি তুলিছে । জিলাখনৰ আন ঠাইৰ লগতে নলবাৰী চহৰৰ খাৰজাৰাৰ সমীপতো শিল্পীসকলৰ ব্য়স্ততাৰ অন্ত নাই । খাৰজাৰাৰ প্ৰদীপ পাল নামৰ মৃৎশিল্পীজনৰ লগতে তেওঁৰ সহযোগী সকলে দিনে নিশাই ব্যস্ত হৈ পৰিছে দেৱীৰ প্ৰতিমাত শেষ পৰশ দিয়াত । সৰস্বতী দেৱীৰ মৃণ্ময় মূৰ্তি নিৰ্মাণ কৰি সন্ধিয়াৰ ভাগত অৰ্ডাৰ অনুযায়ী বিক্ৰীৰ বাবে সাজু কৰা বুলি কয় । ইতিমধ্যে মৃণ্ময় মূৰ্তিত অন্তিম পৰশ দিয়াত ব্যস্ত হৈ থকা শিল্পীগৰাকীয়ে যোৱাবাৰতকৈ এইবাৰ অৰ্ডাৰৰ ক্ষেত্ৰত ভাল সহাৰি লাভ কৰা বুলি কয় । তেওঁ এইবাৰ ১৬খন প্ৰতিমা নিৰ্মাণ কৰা বুলি উল্লেখ কৰে । 

জনবিশ্বাস অনুসৰি এই দিনটোতে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ জন্ম হৈছিল । দেৱতা সকলে তেতিয়াই শব্দ আৰু ৰসৰ সঞ্চাৰ কৰিব পৰা জ্ঞান, বিদ্যা, সংগীত, সাহিত্য আৰু কলাৰ অধিষ্ঠাত্ৰী দেৱীৰ ৰূপত সৰস্বতী নাম দিছিল বুলিও এই বিশ্বাস চলি আছে ৷ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ নাম সৰস্বতীৰ উপৰি শতৰূপা, বীণাপাণি, বাগদেৱী, ভাৰতী , বাণী, কৌশিকী, মহাশ্বেতা, হংসবাহিনী আদি শত নামেৰে জনা যায় ৷ ইতিহাসে ঢুকি নোপোৱা দিনৰে পৰাই মানুহে দেৱীক আৰধনা কৰি আহিছে । বসন্ত কালৰ আৰম্ভণিৰ শুক্ল পক্ষৰ পঞ্চমী তিথিত সৰস্বতী দেৱীৰ পূজা অনুষ্ঠিত হয় ৷ এই তিথি বসন্ত পঞ্চমী, বিদ্যা বা জ্ঞান পঞ্চমী বা শ্রীপঞ্চমী হিচাপেও খ্যাত ৷

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.