Hemchandra Goswami Documentary: পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ জীৱন ভিত্তিক তথ্যচিত্ৰৰ প্ৰিমিয়াৰ শ্ব' - পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ জীৱন ভিত্তিক তথ্যচিত্ৰ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/27-06-2023/640-480-18857892-thumbnail-16x9-adil-aspera.jpg)
নিউজ ডেস্ক,২৭ জুন: আমেৰিকাত অসমীয়া ভাষাৰ বিশ্বজনীন যাত্ৰা ৷ অসমীয়া ভাষাক প্ৰাণ দিয়া মহীৰূহ পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ জীৱন ভিত্তিক তথ্যচিত্ৰ “The Greatest Legendary Scholar of Assam Pandit Hemchandra Hoswami” ৰ বিশেষ প্ৰিমিয়াৰ আমেৰিকাৰ ৱাশ্বিংটন ডি চিত ৷ ২৫ জুনত মেৰীলেণ্ড বিশ্ববিদ্যালয়ৰ হ’ফ থিয়েটাৰত আয়োজন কৰা এক বৰ্ণাঢ্য অনুস্থানত তথ্যচিত্ৰখনৰ World Premiere হৈ যায় ৷
এই বিশেষ প্ৰিমিয়াৰত উপস্থিত থাকে বলিউড তথা হলিউড অভিনেতা অসম সন্তান আদিল হুছেইন, আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনৰ জ্যেষ্ঠ উপদেষ্টা ড৹ ৰূপম শৰ্মা, অসম সাহিত্য সভাৰ সভাপতি ড৹ সূৰ্যকান্ত হাজৰিকাৰ লগতে মেৰীলেণ্ডৰ কেইবাগৰাকীও চৰকাৰী বিষয়া ৷ প্ৰায় ৪৫ মিনিট সময় দৈৰ্ঘৰ তথ্যচিত্ৰখনৰ ধাৰাভাষ্যকাৰ আদিল হুছেইন ৷
এই মনোমোহা তথ্যচিত্ৰখন উপভোগ কৰি আনন্দিত প্ৰৱাসী অসমীয়া ৷ তথ্যচিত্ৰখনৰ প্ৰযোজনা কৰিছে হেমচন্দ্ৰ গোস্বামী দেৱৰ নাতি ড৹ নৱ গোস্বামীয়ে ৷ তথ্যচিত্ৰখনৰ পৰিচালক টুনা গৌতমৰ লগতে কাৰ্যবাহী প্ৰযোজিকা হিচাপে আছে শ্ৰুতি জৈন ৷ আমেৰিকাৰ বুকুত এই বিশেষ প্ৰিমিয়াৰ সাফল্যমণ্ডিত কৰি তোলে We Plan Event এ ৷ অনাগত সময়ত আমেৰিকাৰ অন্যান্য চহৰৰ লগতে লণ্ডন তথা বহুকেইখন দেশত প্ৰদৰ্শন কৰা হ'ব The Greatest Legendary Scholar of Assam Pandit Hemchandra Goswami ।
লগতে পঢ়ক: Barak Bandh: জিলা কংগ্ৰেছৰ সভাপতি অভিজিৎ পালক আটক