Preparations for Pre-Independence Day: কাইলৈ দীঘলীপুখুৰীৰ পাৰত প্ৰাকঃস্বাধীনতা দিৱস - 76th Independence Day
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12-08-2023/640-480-19251071-thumbnail-16x9-dighali-aspera.jpg)
গুৱাহাটী,১২ আগষ্ট: অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি এইবাৰ অসম চৰকাৰে বিশেষ কিছু কাৰ্যসূচীৰে উদযাপন কৰিব স্বাধীনতা দিৱস । দেওবাৰে প্ৰাক স্বাধীনতা দিৱস উদযাপনৰ বাবে গুৱাহাটীৰ দীঘলীপুখুৰীৰৰ পাৰত কেন্দ্ৰীয় ভাৱে আয়োজন কৰা হৈছে এক বিশেষ কাৰ্যসূচী । অসম আৰক্ষীৰ মাৰ্চপাস্ট কৰা হ'ব দেওবাৰে ।
এই কাৰ্যসূচীত আৰক্ষী, এন চি চিৰ কেডাৰ, খেলুৱৈসকলে অংশগ্ৰহণ কৰি পেৰেড কৰিব । দেওবাৰে ৪.৩০ ত লতাশিলত পেৰেডৰ আৰম্ভণি হ'ব । লতাশিলৰ পৰা লেম্বৰোড হৈ, জিলা পুথিভঁড়াল হৈ সন্দিকৈ মহাবিদ্যালয় হৈ কটন বিশ্ববিদ্যালয় হৈ গুৱাহাটী উচ্চ ন্যায়ালয় হৈ আহি ৱাৰ মেমৰিয়েলত সামৰণি পৰিব । এয়াৰ ফৰ্চৰ পৰা ফালৰ ব্ৰেণ্ড ডিছপ্লে কৰা হ'ব । পেৰেডত প্ৰায় ৪০০ লোকে অংশ গ্ৰহণ কৰিব ৷
এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই উল্লেখ কৰি লগতে কয় এই অনুষ্ঠান শেষ হোৱাৰ পিছতে অমৰ জোৱানৰ সন্মুখত বন্তি প্ৰজ্বলন কৰা হ'ব । তাৰ পিছতে আলোকসজ্জা কৰা হ'ব । তাৰ পিছতে দেশপ্ৰেমমূলক এক লেজাৰ শ্ব' প্ৰদৰ্শন কৰা হ'ব । যান-বাহনৰ ক্ষেত্ৰত পথৰ সাল-সলনি কৰা হোৱা নাই যদিও পেৰেড হোৱা সময়ত ঠায়ে ঠায়ে গাড়ীবোৰ ৰখাই দিয়া হ'ব বুলিও জনাই মহানগৰ আৰক্ষী আয়ুক্তগৰাকীয়ে ।
লগতে পঢ়ক: Street play on jal jeevan mission:জল জীৱন মিছন আঁচনিৰ সজাগতা সম্পৰ্কে বাটৰ নাট প্ৰদৰ্শন