Pranab Barua Artist Award 2022: শিল্পী কিৰণ শংকৰ লৈ প্ৰণৱ বৰুৱা শিল্পী বঁটা
🎬 Watch Now: Feature Video
গুৱাহাটী, ১৯ ফেব্ৰুৱাৰী: প্ৰবীণ চিত্ৰশিল্পী কিৰণ শংকৰ লৈ প্ৰণৱ বৰুৱা শিল্পী বঁটা(Pranab Barua Artist Award to artist Kiran Shankar) । প্ৰণৱ বৰুৱা শিল্পী বঁটা সমিতিৰ উদ্যোগত আৰু আৰ্টিছ গীল্ডৰ সহযোগত দেওবাৰে গুৱাহাট আৰ্টিষ্ট গীল্ডৰ সভাগৃহত আয়োজন কৰা অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয় । বঁটা প্ৰদান কৰে বিশিষ্ট ভাস্কৰ্য শিল্পী বীৰেণ সিংহই । এই বঁটাত আছে স্মাৰক, মানপত্ৰ আৰু নগদ ২৫ হাজাৰ টকা । প্ৰবীণ চিত্ৰশিল্পী কিৰণ শংকৰে শিল্পক্ষেত্ৰলৈ আগবঢ়োৱা অৰিহণাৰ বাবেই এই সন্মান প্ৰদান কৰা হয়(Artist Pranab Barua) ।
বঁটা গ্ৰহণ কৰি চিত্ৰশিল্পী কিৰণ শংকৰে কয় যে তেওঁ নিজৰ যি অস্তিত্ব সেই অস্তিত্বৰ শিপাডাল অনুভৱ কৰি আছে । তেওঁক প্ৰণৱ বৰুৱাই অস্তিত্ব প্ৰদান কৰিছিল বুলি কৈ উল্লেখ কৰে যে প্ৰণৱ বৰুৱাই কিৰণ শংকৰক শিল্পী জগতলৈ টানি আনিছিল বাবেই আজিৰ দেখা মানুহজন তেওঁ । প্ৰণৱ বৰুৱাক বাদ দি তেওঁৰ অস্তিত্ব বিপন্ন বুলিও উল্লেখ কৰে শিল্পীগৰাকীয়ে । বঁটা গ্ৰহণ কৰি তেওঁ খুবেই আবেগিক হৈ পৰা বুলিও উল্লেখ কৰে ।
প্ৰণৱ বৰুৱাৰ নামৰ বঁটা তেওঁ লাভ কৰাৰ পাছত এই বঁটাই তেওঁক আৰু প্ৰেৰণা যোগাব বুলি মন্তব্য কৰে । অনুষ্ঠানত উপস্থিত থাকি প্ৰণৱ বৰুৱাৰ কন্যা লখিমী বৰুৱাই এই বঁটা কিৰণ শংকৰলৈ আগঢ়োৱাৰ বাবে কমিটিক ধন্যবাদ জনায় । কিৰণ শংকৰক এই বঁটা প্ৰদান কৰাৰ বাবে অনন্দিত হৈছো বুলি লখিমী বৰুৱাই উল্লেখ কৰি কয় যে কিৰণ শংকৰৰ তেখেতৰ পিতৃৰ লগত যি সম্পৰ্ক আছিল সেয়া তেওঁ ভাবিব নোৱাৰে । তেজৰ সম্পৰ্কতকৈ বেছি আপোন আছিল বুলি মন্তব্য কৰে বৰুৱাই ।
বঁটা প্ৰদান অনুষ্ঠানৰ পিছতে প্ৰবীণ চিত্ৰশিল্পী কিৰণ শংকৰৰ(Veteran painter Kiran Shankar) ছবিৰ এখনি চিত্ৰ প্ৰদৰ্শনী মুকলি কৰা হয় । য'ত উপস্থিত থাকে বিশিষ্ট সাংবাদিক তথা প্ৰণৱ বৰুৱা শিল্পী বঁটা সমিটিৰ সম্পাদক মনোজ কুমাৰ গোস্বামী, গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ সভাপতি আমিনুল হক, সম্পাদক কিশোৰ কুমাৰকে আদি কৰি সমিটিৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে । উল্লেখ্য যে. প্ৰতি বছৰে প্ৰণৱ বৰুৱা শিল্পী বঁটা প্ৰদান কৰি আহিছে প্ৰণৱ বৰুৱাো শিল্পী বঁটা সমিটিয়ে । ২০০২ চনৰ পৰা এই বঁটা প্ৰদান কৰি আহিছে সমিটিয়ে ।
লগতে পঢ়ক: MV Ganga Vilas Cruise : গোৱালপাৰাত উপস্থিত এম ভি গংগা বিলাস