Assam govt grade 3 results: তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফলত উজলিল কৌশিক শইকীয়া - 3rd grade state govt job
🎬 Watch Now: Feature Video
কলিয়াবৰ, ১০ মে': দৰিদ্ৰতা বা ধনী চৰকাৰী চাকৰি লাভৰ বাবে নহয় কোনো মাপকাঠি (Recruitment in Govt job)। এতিয়া শিক্ষা আৰু যোগ্যতা থাকিলে নিশ্চিতভাৱে লাভ কৰিব পাৰি চৰকাৰী চাকৰি । বাণিজ্যৰ স্নাতক উত্তীৰ্ণ কলিয়াবৰৰ হাতীগাঁৱৰ কৌশিক শইকীয়াই লাভ কৰিলে চৰকাৰী তৃতীয় বৰ্গৰ চাকৰি । আৰ্থিকভাৱে দুৰ্বল হ'লেও শিক্ষা আৰু যোগ্যতাৰ ভিত্তিত কৌশিকে নিযুক্তি লাভ কৰিলে বন বিভাগৰ বনৰক্ষী চাকৰিত (3rd grade state govt job)।
কৃষক পিতৃ বিপুল শইকীয়াই কোনোমতে পোহপাল দিছিল পৰিয়ালটো । কৌশিকেও নিজৰ পঢ়া খৰচ টিউচন কৰি উলিয়াইছিল (Assam Grade 3 Result 2023) । আৰ্থিক বাধা নেওচি শিক্ষা-যোগ্যতাৰে চৰকাৰী চাকৰি লাভ কৰি এতিয়া সুখী কলিয়াবৰৰ কৌশিক শইকীয়া । কৌশিকৰ সফলতাত উৎফুল্লিত পৰিয়ালৰ লগতে অঞ্চলবাসী ।