Poor road condition: কুম্ভকৰ্ণ নিদ্ৰাত মন্ত্ৰী, বিধ্বস্ত পথে জলা কলা খুৱাইছে ৰাইজক

By

Published : Apr 6, 2023, 8:26 PM IST

thumbnail

মৰাণ, 6 এপ্ৰিল: মন্ত্ৰী যোগেন মহনৰ সমষ্টিত বিধ্বস্ত পথে জলা-কলা খুৱাইছে ৰাইজক (Poor road condition ) ৷ মৰাণৰ কাষৰীয়া মাহমৰা সমষ্টিৰ খুমটাই পঞ্চায়তৰ অন্তৰ্গত ৫ নং ৱাৰ্ডৰ প্ৰতিটো পথেই এতিয়া ভূঁইৰোৱা পথাৰ সদৃশ হৈ পৰিছে ৷ ফলত যাতায়তৰ ক্ষেত্ৰত চৰম সমস্যাৰ সন্মুখীন হৈ আহিছে অঞ্চলটোৰ ৰাইজে (Locals demands reconstruction road)৷ বিশেষকৈ মৰাণ নগৰৰ পৰা বগপৰা সংযোগী পথটো নিৰ্মাণ নকৰাৰ ফলত বাৰিষাৰ আৰম্ভণিতে যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগৰ সন্মুখীন হৈছে অঞ্চলটোৰ ৰাইজে ৷  

বিদ্যালয়ৰ কণকণ ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন কৰ্মক্ষেত্ৰলৈ যোৱা ৰাইজ, আনকি ৰোগীক চিকিৎসালয়লৈ যোৱাৰ ক্ষেত্ৰত ব্যাপক সমস্যাই দেখা দিছে ৷ বৃহস্পতিবাৰে এই পথটোৰ শীঘ্ৰে নিৰ্মাণৰ দাবীত অঞ্চলটোৰ শতাধিক লোকে ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (Locals protest for poor road condition) ৷  

শীঘ্ৰে পথটো নিৰ্মাণ নকৰিলে আগন্তুক লোকসভা নিৰ্বাচনত ভোট বৰ্জন কৰাৰো হুংকাৰ দিয়ে অঞ্চলটোৰ ৰাইজে ৷ ইয়াৰোপৰি মাহমৰা সমষ্টিৰ বিধায়ক তথা, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনক (Minister Jogen Mohan) নিৰ্বাচনৰ পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি বিধ্বস্ত পথকেইটা অচিৰেই নিৰ্মাণৰ ব্যৱস্থা কৰি দিবলৈ দাবী উত্থাপন কৰিছে ৷  

লগতে পঢ়ক: Soft pit construction scheme: ছফ্ট পিট নিৰ্মাণৰ নামত মাজুলীত ব্যাপক দুৰ্নীতি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.