Jute farmers in Barpeta: অকালতে ফুলিছে মৰাপাট, JCI ৰ বীজ ৰোপণ কৰি বিমোৰত বহৰিৰ কৃষক

By

Published : May 1, 2023, 8:59 PM IST

thumbnail

বৰপেটা, ১ মে’ : বৰপেটাৰ বহৰিত মৰাপাট কৃষকৰ মাজত হাহাকাৰ ৷ অধিক ফচলৰ আশাত ভাৰতীয় মৰাপাট নিগম চমুকৈ JCI ৰ উন্নত মানৰ চাৰ্টিফাইড বীজ ক্ৰয় কৰি মৰাপাট খেতি কৰিছিল কৃষকে (JCI supply certified jute seeds to farmers) ৷ পিচে ছয় ইঞ্চিৰ পৰা এফুট হোৱাৰ পিচৰে পৰা মৰাপাট খেতিসমূহত ফুলিছে ফুল ৷ এই মৰাপাটসমূহ এনেদৰে ফুলিবলৈ ধৰাত এতিয়া বিমোৰত পৰিছে চহা কৃষকসকল (Jute farmers in Barpeta) ৷

আনকি উপায়হীন কৃষকসকলে JCI ৰ সৈতেও যোগাযোগ কৰে ৷ কিন্তু JCI ৰ বিষয়াই কৃষকসকলক খেতিপথাৰত পুনৰ অতিৰিক্ত ইউৰীয়া সাৰ প্ৰয়োগ কৰিবলৈ পৰামৰ্শ দিয়ে ৷ JCI ৰ বিষয়াই কৃষকসকলে কাম কৰাৰ পাচতো কিন্তু কোনো সুফল নাপালে কৃষকে ৷ আনকি বতৰৰ প্ৰভাৱৰ বাবেহে এই খেতিসমূহ ফুলিবলৈ লোৱা বুলি JCI ৰ বিষয়াই কৃষকক পতিয়ন নিয়াব বিচাৰিছে বুলি অভিযোগ উত্তাপিত হৈছে ৷

আনহাতে, এই বিষয়ে জানিব পাৰিও দুৰ্ভগীয়া কৃষকৰ কোনো খবৰ নোলোৱাৰ অভিযোগো কৰিছে কৃষকসকলে ৷ মুঠৰ ওপৰত মূৰৰ ঘাম মাটিত পেলাই ধাৰ-ঋণ লৈ মৰাপাট খেতি কৰা কৃষকসকল এতিয়া উপায়হীন হৈ পৰিছে ৷ সেয়ে মৰাপাট খেতি কৰি ক্ষতিৰ সন্মুখীন হোৱা চহা কৃষকে এতিয়া চৰকাৰৰ পৰা ক্ষতিপূৰণৰ দাবী উত্থাপন কৰিছে ৷

লগতে পঢ়ক : Bhut jolokia crops damaged : ধুমুহা-বতাহত ধেমাজিৰ চিৰিপানীত নষ্ট কেইবাবিঘা ভোট জলকীয়াৰ খেতি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.