thumbnail

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 11:21 AM IST

ETV Bharat / Videos

Barpeta News: উৎকোচ বিচাৰি অভিযুক্তক প্ৰহাৰ কৰাৰ অভিযোগ আৰক্ষী বিষয়াৰ বিৰুদ্ধে

জনিয়া, 5 ছেপ্টেম্বৰ: ৰক্ষকৰ ৰূপত ভক্ষক ৷  বৰপেটা জিলাৰ বৰভিঠা আৰক্ষী চকীত চলিছে গুণ্ডাৰাজ । কাকো কেৰেপ নকৰে বৰভিঠা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বন্ধুৰাম বৈশ্যই ৷ অভিযুক্তক জামিনৰ বাবদ 10 হেজাৰ টকা উৎকোচ নিদিয়াৰ বাবেই বৰভিঠা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে প্ৰহাৰ কৰে খলিলুৰক ৷ এই অভিযোগ উত্থাপন কৰিছে খলিলুৰ ৰহমান আৰু তেওঁৰ আত্মীয়ই ৷

বিৱৰণি অনুসৰি, ঘৰুৱা কন্দলৰ বাবেই বৰপেটা জিলাৰ কালগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত চান্দমামা গাঁৱৰ খলিলুৰৰ পত্নীয়ে আৰক্ষী চকীত তেওঁৰ বিৰুদ্ধে দাখিল কৰিছিল এক এজাহাৰ ৷ এই এজাহাৰৰ ভিত্তিতে শনিবাৰে বৰভিঠা আৰক্ষীয়ে আটক কৰে খলিলুৰ ৰহমান ৷ পৰৱৰ্তী সময়ত খলিলুৰ ৰহমানক জামিনৰ বাবে তেওঁৰ পৰিয়ালকৰ লোকে কাষ চাপে আৰক্ষীৰ ৷

তেতিয়া বৰভিঠা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বন্ধুৰাম বৈশ্যই খলিলুৰৰ জামিনৰ বাবদ 10 হাজাৰ টকা দাবী কৰে ৷ কিন্তু খলিলুৰ পৰিয়ালে 10 হাজাৰ টকা উৎকোচ দিবলৈ অমান্তি হোৱাত খলিলুৰক বৰ বেয়াকৈ প্ৰহাৰ কৰে আৰক্ষীয়ে ৷ সংবাদ মাধ্যমৰ আগত খলিলুৰ ৰহমানে নিজেই স্বীকাৰ কৰিছে এই কথা ৷ ইফালে এই বাতৰি পোহৰলৈ অহাৰ পাচতে সৃষ্টি হৈছে চাঞ্চল্যৰ ৷

লগতে পঢ়ক : Moirabari Arrested: মৈৰাবাৰীত আৰক্ষীৰ জালত ভুৱা আৰক্ষী অধীক্ষক আৰু জিলা আয়ুক্ত 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.