Youth mysterious death: কমলপুৰত কবৰ খান্দি উলিওৱা হ’ল যুৱকৰ মৃতদেহ

By

Published : Jul 5, 2023, 2:25 PM IST

thumbnail

বাইহাটা, 5 জুলাই: কমলপুৰ আৰক্ষী চকীৰ অন্তৰ্গত নাঙালকাটাত চাঞ্চল্যকৰ ঘটনা ৷ জুন মাহৰ 10 তাৰিখে কবৰস্থ কৰা হৈছিল মুন আলী নামৰ এজন যুৱকৰ মৃতদেহ ৷ কিন্তু আজি অৰ্থাৎ বুধবাৰে কবৰখান্দি পুনৰ মুন আলীৰ মৃতদেহ উলিয়ালে আৰক্ষীয়ে ৷ মৃত্যুৰ কেইদিনমান পিছত ভাইৰেল হোৱা এটা ভিডিঅ’ যিটো মুন আলীৰ ম'বাইলত মৃত্যুৰ পূৰ্বে ৰেকৰ্ড কৰা আছিল ৷ সেই ভিডিঅ'ই ৰহস্যৰ সৃষ্টি কৰাত পুনৰ মৃতদেহ খান্দিবলৈ বাধ্য হ’ল কমলপুৰ আৰক্ষী । 

পৰিয়ালৰ লোকে যুৱকজন পানীত পৰি মৃত্যু হোৱা বুলি ধাৰণা কৰিছিল ৷ মৃত্যুৰ পিছত মুন আলীৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰা হোৱা নাছিল ৷ কিন্তু পৰৱৰ্তী সময়ত যুৱকজনৰ ড্ৰাগছ সৰবৰাহকাৰী ৰাজীব আলীৰ লগত হোৱা কথোপকথনৰ এটা ভিডিঅ' ৰেকৰ্ডিং পোহৰলৈ অহাত মুন আলীৰ মৃত্যুৰ ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে ৷ মৃতদেহ খান্দি উলিয়াই মৰণোত্তৰ পৰীক্ষা কৰিব কমলপুৰ আৰক্ষীয়ে ৷ উল্লেখ্য যে, মুন আলীৰ মৃত্যুৰ তদন্ত বিচাৰি কমলপুৰ আৰক্ষী থানাত 30 জুনত এখন এজাহাৰ দাখিল কৰিছিল পৰিয়ালৰ লোকে ৷ 

লগতে পঢ়ক: HIV Scenario in Tinsukia: অবাধ গতিত চলা নিষিদ্ধ ড্ৰাগছৰ ফলত তিনিচুকীয়াত‌ মাৰাত্মক HIV য়ে লৈছে ভয়ংকৰ ৰূপ 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.