Pobitora Sanctuary: পৰ্যটকৰ বাবে মুকলি এশিঙীয়া গড়ৰ ৰম্যভূমি পবিতৰা - Forest Minister Chandra Mohan Patowary
🎬 Watch Now: Feature Video


Published : Oct 20, 2023, 9:25 PM IST
মৰিগাঁও, ২০ অক্টোবৰ: আজি দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি হ'ল এশিঙীয়া গড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰণ্য় ৷ এই অভয়াৰণ্যখন মুকলি কৰে পৰিৱেশ আৰু বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ দেশী-বিদেশী পৰ্যটকৰ বাবে ২০২৩/২০২৪ পৰ্যটন বৰ্ষৰ বাবে সাজু কৰি তোলা হৈছে ২০ খন জীপ ছাফাৰী আৰু ১৩ টাকৈ বিভাগীয় হাতী ছাফাৰী । এশিঙীয়া গড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰন্যত হাতী ছাফাৰীৰ আমেজ লয় বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই ৷
উল্লেখ্য় যে অভয়াৰণ্য়খনত সম্প্ৰতি ১০৭ টা গঁড়, পাঁচ শতাধিক বনৰীয়া মহ, সহস্ৰাধিক বন গাহৰিৰ উপৰি প্ৰায় ৩৮৫ টা প্ৰজাতিৰ দেশী-বিদেশী পৰিভ্ৰমী পক্ষীয়ে বিচৰণ কৰে ৷ এই অনুষ্ঠানত মন্ত্ৰী দুগৰাকীক সংগ দিয়ে মায়ঙৰ পৰম্পৰাগত ৰজা তৰণীকান্ত সিংহ, বন বিভাগৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়াই ৷
লগতে পঢ়ক:Durga puja 2023 : 200 বছৰত ভৰি দিলে ডিব্ৰুগড়ৰ বকুল দুৰ্গা পূজাই