PM Modi in Akhand Kirtan: নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ একনাম অখণ্ড কীৰ্তনত অংশ ল’ব প্ৰধানমন্ত্ৰীয়ে - নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰম
🎬 Watch Now: Feature Video
বৰপেটা, 2 ফেব্ৰুৱাৰী: বৰপেটা জিলাৰ নসত্ৰস্থিত কৃষ্ণগুৰু সেৱাশ্ৰমত চলি থকা এমহীয়া একনাম অখণ্ড কীৰ্তনৰ অনুষ্ঠানত ভাৰ্চুৱেলী অংশ ল’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । বৃহস্পতিবাৰে সেৱাশ্ৰমত অনুষ্ঠিত এখন সংবাদমেলযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিবলগীয়া অনুষ্ঠানৰ বিষয়ে সদৰী কৰে কৃষ্ণগুৰু আন্তঃৰাষ্ট্ৰীয় পৰিচালনা সমিতিৰ সভাপতি মুকুল ডেকাই (Krishnaguru Sevashrama Nasatra)৷
তেওঁ জনোৱা মতে, কৃষ্ণগুৰু সেৱাশ্ৰমৰ একনাম অখণ্ড কীৰ্তনত শুকুৰবাৰে অৰ্থাৎ 3 ফেব্ৰুৱাৰীত আবেলি 4.30 বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলী কৃষ্ণগুৰু সেৱাশ্ৰমৰ ভকত বৈষ্ণৱক সম্বোধন কৰিব । প্ৰধানমন্ত্ৰী মোদীৰ এই অনুষ্ঠানক লৈ ইতিমধ্যে সেৱাশ্ৰমৰ ভকতসকলৰ মাজত দেখা গৈছে ব্যাপক উচাহ (PM Modi will virtually attend Akhand Kirtan) ৷
উল্লেখ্য যে, কৃষ্ণগুৰু সেৱাশ্ৰমত প্ৰতি বছৰে সাতদিনীয়াকৈ একনাম অখণ্ড কীৰ্তন অনুষ্ঠিত হয় যদিও সেৱাশ্ৰমৰ ৰীতি অনুসৰি প্ৰতি 12 বছৰৰ মূৰত একনাম অখণ্ড কীৰ্তন এমাহজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৷ এইবেলি যোৱা 6 জানুৱাৰীৰ পৰা এমাহজোৰা কাৰ্যসূচীৰে আৰম্ভ হোৱা কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তনত প্ৰথমবাৰৰ বাবে এইদৰে এগৰাকী প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেলী হ’লেও অংশ গ্ৰহণ কৰিব । ইয়াকে লৈ সেৱাশ্ৰমত এক উখল মাখল পৰিৱেশ বিৰাজ কৰিছে (Akhand Kirtan of Krishnaguru Sevashrama) ৷
ইপিনে একনাম অখণ্ড কীৰ্তন উপলক্ষে সেৱাশ্ৰমখনত উপস্থিত হৈছে দেশ-বিদেশৰ লক্ষাধিক ভক্ত । প্ৰধানমন্ত্ৰীৰ উক্ত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে কেবিনেট পৰ্যায়ৰ আন দুগৰাকী মন্ত্ৰীও উপস্থিত থাকিব বুলি জানিবলৈ দিছে সেৱাশ্ৰম পৰিচালনা সমিতিয়ে (Krishnaguru Sevashrama Nasatra in Barpeta) ৷
উল্লেখ্য যে, প্ৰায় 500 বছৰ পুৰণি নসত্ৰ ধামখন মহাবৈষ্ণৱ মনোহৰ দেৱে 16 শতিকাতে প্ৰতিষ্ঠা কৰিছিল ৷ মনোহৰ দেৱ আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱৰ একান্ত অনুগামী ৷ বৰ্তমান বৰপেটা জিলাৰ অন্তৰ্গত নসত্ৰ অঞ্চলত 1974 চনতে মনোহৰ দেৱৰ নৱম বংশধৰ কৃষ্ণগুৰুৱে স্থাপন কৰিছিল কৃষ্ণগুৰু সেৱাশ্ৰম (Krishnaguru Sevashrama in Barpeta) ৷ ভক্তি আৰু আধ্যাত্মিকতাক মুখ্য হিচাবে লৈ জাতি, ধৰ্ম, ভাষা, বৰ্ণ নিৰ্বিশেষে সকলোকে একত্ৰিত কৰাৰ চেষ্টা চলাইছিল কৃষ্ণগুৰুৱে ৷ আজিও সেই ধাৰা অব্যাহত আছে কৃষ্ণগুৰু সেৱাশ্ৰমত ৷
লগতে পঢ়ক: World wetlands day: মাজুলীৰ চৰাইচোং বিলত বিশ্ব জলাশয় দিৱস পালন