Pigs died in Moran: শলগুৰিত ব্যাপক হাৰত অচিন ৰোগত পোহনীয়া গাহৰিৰ মৃত্যু

By

Published : Nov 20, 2022, 6:36 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

মৰাণৰ চেপন শলগুৰিত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে পোহনীয়া গাহৰিৰ মৃত্যুৰ সংখ্যা (Pigs died in Moran) ৷ ১ নং শলগুৰি নৱজ্যোতি গাঁৱত প্ৰায় প্ৰত্যেক ঘৰ পৰিয়ালতে অচিন ৰোগত গাহৰিৰ মৃত্যু হোৱাত গাহৰি পালকৰ মাজত হাহাকাৰ লাগিছে । প্ৰায় দুই, তিনিমাহ এৰাধৰাকৈ গাহৰিৰ মৃত্যু হৈ অহাৰ পাছত শেহতীয়াকৈ জাকে জাকে গাহৰি অচিন ৰোগত মৃত্যু হৈছে । গাহৰি পালন কৰা পৰিয়ালসমূহত ৩/৪ টা পৰ্যন্ত গাহৰি মৃত্যু হোৱাৰ পাছতো পশু চিকিৎসা বিভাগৰ পৰা কোনো সঁহাৰি লাভ নকৰাত উপায়বিহীন হৈ পৰিছে গাঁৱৰ ৰাইজ । বহু দৰিদ্ৰ পৰিয়ালে ঋণ লৈ গাহৰি পালন কৰাৰ পাছত এনে অচিন ৰোগত গাহৰিৰ মৃত্যুয়ে চৰম সমস্যাৰ মাজলৈ ঠেলি নিছে লোকসকলক । শীঘ্ৰে অঞ্চলটোত গাহৰিৰ ৰোগ প্ৰতিৰোধৰ বাবে সু-ব্যৱস্থা গ্ৰহন কৰিবলৈ চৰকাৰক আহ্বান জনাইছে ভুক্তভোগী ৰাইজে ৷

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.