Assam Sub-districts: উপ-জিলা ঘোষণা কৰাত সন্তুষ্টি প্ৰকাশ বিহপুৰীয়াবাসীৰ; প্ৰেমধৰ বৰাৰ প্ৰতিক্ৰিয়া - Bihpuria declared as sub district

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 2:48 PM IST

বিহপুৰীয়া,১৭ আগষ্ট: লখিমপুৰ জিলাৰ বিহপুৰীয়াক উপ-জিলা ঘোষণা কৰাৰ পিছত উৎফুলিত হৈ পৰিছে বিহপুৰীয়াবাসী ৷ ৰাজ্য চৰকাৰৰ শুকুৰবাৰে অনুস্থিত হোৱা ১০০ সংখ্যক কেবিনেট বৈঠকৰ সিদ্ধান্ত অনুসৰি ৰাজ্যত ৮১ খন উপ-জিলা ঘোষণা কৰা হৈছে আৰু ইয়াৰ ভিতৰত সংলগ্ন হৈছে লখিমপুৰ জিলাৰ বিহপুৰীয়া ।  

এই ঘোষণাৰ পিছতে এতিয়া বিহপুৰীয়াৰ স্থানীয় লোকসকলে নগৰখনৰ মাজ মজিয়াত আবতৰীয়া দেৱালী উদযাপন কৰা পৰিলক্ষিত হয় ৷ ৰাইজে শনিবাৰে বিয়লি পুনৰ নগৰখনৰ মাজ-মজিয়াত ফটকা ফুটাই বিজয়োৎসৱ পালন কৰে ৷ সমান্তৰালাভাৱে এই ক্ষেত্ৰত সন্তুষ্টি প্ৰকাশ কৰে বৰ্ষীয়ান ৰাজনীতিবিদ প্ৰেমধৰ বৰাই ।  

উল্লেখ্য যে অসমৰ বৰ্ষীয়ান ৰাজনীতিবিদ তথা অসম চৰকাৰৰ প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰাই বিহপুৰীয়া বিধানসভা সমষ্টিৰ পৰা চাৰিটা কাৰ্যকালত বিধায়কৰ আসন অলংকৃত কৰি বিহপুৰীয়া সমষ্টিত উন্নয়নৰ ঢল বোৱাবলৈ সক্ষম হৈছিল ৷ তেনে সময়ত এইজনা প্ৰেমধৰ বৰাৰ নেতৃত্বতে ২০০১ বৰ্ষৰ পৰা বিহপুৰীয়াক প্ৰশাসনিক মহকুমা প্ৰদানৰ জোৰদাৰ দাবী উত্থাপন হৈ আহিছিল ৷ সম্প্ৰতি বিহপুৰীয়াক উপ-জিলা হিচাবে ঘোষণা কৰাক লৈ যথেষ্ট সন্তুষ্ট ৯১ বছৰ গৰকা প্ৰেমধৰ বৰা ৷

লগতে পঢ়ক: Floating bamboo bridge: লাখ টকা ব্যয়েৰে ৰাইজে সাজিলে ওপঙা সেতু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.