Damage Culvert in Jonai: ভগ্ন কালভাৰ্টে বিপাঙত পেলাইছে জোনাইবাসীক - ভগ্ন কালভাৰ্টে বিপাঙত পেলাইছে জোনাইবাসীক

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 3, 2023, 6:17 PM IST

জোনাই,৩ আগষ্ট: জোনাইৰ বিজয়পুৰ দেউৰী গাঁও আৰু ৰাংকপ দেউৰী গাঁও সংযোগী ব্যস্ত পথৰ এটা কালভাৰ্টে প্ৰায় ২০ খনৰো অধিক গাঁৱৰ ৰাইজক বাৰুকৈয়ে খুৱাইছে জ্বলা-কলা । জোনাইৰ বিজয়পুৰ দেউৰী আৰু ৰাংকপ দেউৰী গাঁৱকে আদি কৰি প্ৰায় ২০ খনৰো অধিক গাঁৱৰ সংযোগী এই ব্যস্ত পথৰ কালভাৰ্টতো বিগত বৰ্ষতেই ৰাজাখানা নদীৰ বাঢ়নী পানীয়ে ভাঙি তচনচ কৰে ।  

কিন্তু আজি পৰ্যন্ত জোনাই প্ৰসাশনৰ লগতে স্থানীয় জন-প্ৰতিনিধিৰ কাৰো চকুত নপৰিল এই পথচোৱাৰ ভাঙি যোৱা কালভাৰ্টটোলৈ । পথটোৰ কালভাৰ্টটো অতি শীঘ্ৰে পুনৰ নিৰ্মাণৰ বাবে বাৰে বাৰে জনপ্ৰতিনিধিক দাবী তুলিছে যদিও আজি পৰ্যন্ত কাণসাৰ নিদিয়াৰ অভিযোগ উত্থাপন কৰে ৰাইজে । গতিকে অতি শীঘ্ৰে পথৰ এই কালভাৰ্টটো পুনৰ মেৰামতিৰ বাবে দাবী তুলিছে স্থানীয় ৰাইজে । 

লগতে পঢ়ক: AASU Protest in Karbi Anglong: বোকাজানত চিমেণ্ট কাৰখানাৰ প্ৰদূষণ নিয়ন্ত্ৰণ-থলুৱাক নিযুক্তিৰ দাবীত আছুৰ বিক্ষোভ কাৰ্যসূচী

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.