CM on Paramilitary forces to be withdrawn: এপ্ৰিল মাহৰ ভিতৰত ৰাজভৱন, সচিবালয় আৰু স্পৰ্শকাতৰ অঞ্চলৰ পৰা প্ৰত্যাহাৰ কৰা হ’ব অৰ্ধসামৰিক বাহিনী: মুখ্যমন্ত্ৰী - CM on Paramilitary forces to be withdrawn

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 4:27 PM IST

যোৰহাট, 28 ছেপ্টেম্বৰ : "2024 চনৰ এপ্ৰিল মাহৰ ভিতৰত অথাৎ বহাগ বিহুৰ পিচতেই অসম সচিবালয়, ৰাজ ভৱন, জিলা উপায়ুক্ত কাৰ্যালয়ৰ লগতে বিভিন্ন স্পৰ্শকাতৰ এলেকা পৰা পৰ্যায়ক্ৰমে কেন্দ্ৰীয় সংৰক্ষিত বাহিনী অৰ্থাৎ অৰ্ধসামৰিক বাহিনীৰ জোৱান প্ৰত্যাহাৰ কৰি সেই স্থানত অসম আৰক্ষী জোৱানক মোতায়েন কৰা হ'ব ৷" বৃহস্পতিবাৰে দেৰগাঁৱৰ লাচিত বৰফুকন আৰক্ষী একাডেমীৰ দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰি এই মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰক্ষী জোৱান আৰু বিষয়াসকলক আওপকীয়াকৈ নিজৰ কৰ্তব্যৰ প্ৰতি দায়বদ্ধ হৈ থাকিবলৈ সকিয়নী প্ৰদান কৰি কয় যে, দৰিদ্ৰ লোক অথাৎ ঠেলা চালক, ৰিক্সা চালক আৰু খাতি খোৱা শ্ৰমিক ওপৰত লাঠি উঠাবলৈ লোৱা আগতেই তিনিবাৰ চিন্তা কৰক ৷ এগৰাকী সভ্ৰান্ত লোকক তেনে ব্যৱহাৰ কৰিবলৈ কুণ্ঠাবোধ কৰা যায়, কাৰণ তেনে লোকে প্ৰয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ লগতে আৰক্ষীৰ উৰ্ধতম কৰ্তৃপক্ষকো অভিযোগ দিব পাৰে ৷ কিন্তু  এজন দুখীয়া লোকে তেনে কৰিব নোৱাৰে ৷ সেইবাবে তেনে কৰা সময়ত আৰক্ষী জোৱানজনে নিজেই আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু আদালতৰ ভূমিকা ল'ব লাগে । কাৰণ তেনে এজন লোক আৰক্ষী অধীক্ষক বা আদালতলৈ যাবলৈ অসমৰ্থ হয়।

আনহাতে বহু মাহৰ প্ৰশিক্ষণ অন্তত নতুনকৈ নিযুক্তি লাভ কৰাৰ জোৱান সকলক নিজ পিতৃ মাতৃ আৰু পৰিয়াল কথা সোঁৱৰাই তেওঁলোকক আদৰ, শ্ৰদ্ধা কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক: Himachal Flood: হিমাচল প্ৰদেশ চৰকাৰলৈ অসম চৰকাৰৰ 10 কোটি টকাৰ বান সাহায্য

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.