Rangia news : ৰঙিয়াত উদ্ধোধন হ’ল গাওঁ পঞ্চায়তৰ নৱ নিৰ্মিত পঞ্চায়ত ভৱন, অজাপ সন্দৰ্ভত ভেঙুচালি সদৃশ মন্তব্য
🎬 Watch Now: Feature Video
Published : Sep 2, 2023, 2:25 PM IST
ৰঙিয়া, 2 ছেপ্টেম্বৰ: ৰঙিয়া উন্নয়ন খণ্ডৰ অধীনস্থ বৈদ্যগড় গাওঁ পঞ্চায়তৰ নৱনিৰ্মিত পঞ্চায়ত ভৱনটি শুকুৰবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় । ৰাষ্ট্ৰীয় গ্ৰাম স্বৰাজ অভিযানৰ 2019-2020 বিত্তীয় বৰ্ষৰ অনুমোদিত ধনৰ 20 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা পঞ্চায়ত ভৱনটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে স্থানীয় বিধায়ক তথা বিজেপি দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ।
উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন মুকলি সভা অনুষ্ঠিত কৰা হয় । অৱসৰপ্ৰাপ্ত শিক্ষক যোগেশ লহকৰৰ সঞ্চালনাত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰি ভৱনটিৰ উদ্বোধক ভৱেশ কলিতাই ভাষণ প্ৰসঙ্গত কয় যে পঞ্চায়ত ভৱনটোৰ জৰিয়তে অঞ্চলটোৰ উন্নয়নৰ কাম-কাজ অধিক তৰান্বিত হ’ব । বৈদ্যগড় গাওঁ পঞ্চায়তৰ সভাপতি দুলু ভূঞাই আঁত ধৰা উক্ত সভাতে বিজেপি দলৰ উত্তৰ কামৰূপ জিলা সভাপতি সুবল পাল, পাণ্ডুৰী জিলা পৰিষদৰ সদস্য লিটন কলিতা, ৰঙিয়া আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী শিপ্ৰা দাস প্ৰমুখ্যে ভালেসংখ্যক দলীয় কাৰ্যকৰ্তা উপস্থিত থাকে ।
সভাত ৰঙিয়া খণ্ড উন্নয়ন বিষয়া জয়ন্ত কলিতাৰ লগতে আন কেবাগৰাকী বিভাগীয় বিষয়াক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় ।
সংবাদ মাধ্যমে সভাপতিগৰাকী সন্দৰ্ভত অসম জাতীয় পৰিষদে প্ৰদান কৰা মন্তব্য সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত দলটোক ভেঙুচালি সদৃশ মন্তব্য প্ৰকাশ কৰে ৷
লগতে পঢ়ক: Flood in Assam : গোৱালপাৰাত ভদীয়া বানৰ তাণ্ডৱ; মূৰে-কপালে হাত দিছে চহা খেতিয়কে; নিৰ্বিকাৰ ভূমিকাত জিলা প্ৰশাসন