Public Accounts Committee: শোণিপুৰত বিধানসভাৰ ৰাজহুৱা হিচাপ কমিটিৰ চৰকাৰী আঁচনি ৰূপায়ণৰ পৰ্যালোচনা - বিধায়ক উৎপল বৰা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-17337154-thumbnail-3x2-gfh.jpg)
আজি অসম বিধানসভাৰ ৰাজহুৱা হিচাপ কমিটিৰ দহজনীয়া দলে (Public Accounts Committee) শোণিতপুৰ জিলাত উপস্থিত হৈ বিভিন্ন আঁচনি আৰু প্ৰকল্প ৰূপায়ণৰ সন্দৰ্ভত পৰ্যালোচনা কৰে । বিধায়ক ৱাজেদ আলী চৌধুৰীৰ নেতৃত্বত অহা এই কমিটিৰ আন সদস্যকেইগৰাকী হ’ল বিধায়ক উৎপল বৰা, বসন্ত দাস, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ভবেন্দ্ৰ নাথ ভৰালী, গোবিন্দ চন্দ্ৰ বসুমতাৰী, হাফিজ বছিৰ আহমেদ, কমলাক্ষ্য দে পুৰাকায়স্থ আৰু কৰিমুদ্দিন বৰভূঞা । বুধবাৰে পুৱা শোণিতপুৰত উপস্থিত হোৱাৰ পিছত কমিটিখনৰ সদস্যসকলে বিভিন্ন চৰকাৰী বিভাগৰ অধীনত আঁচনি ৰূপায়ণৰ কেইবাটাও স্থান যেনে আলিশিঙাত ধান ক্ৰয় কেন্দ্ৰ, প্ৰধানমন্ত্ৰী কৃষি সিচাঁই যোজনাৰ অধীনত কাৰ্যকৰী আঁচনি, ভোটপাৰা ষ্টেডিয়াম, অসম মালা, ঢেকীয়াজুলিৰ শ্বহীদ পাৰ্ক, পুঠিমাৰীৰ জয়মতী এফপিচি আদি পৰিদৰ্শন কৰে ৷ ইয়াৰ উপৰিও মডেল অংগনৱাড়ী কেন্দ্ৰ, ৰঙাপৰাত ৰে’লৱে অভাৰব্ৰীজ, বালিপৰাৰ ফ্লাড ৱাল, হলেশ্বৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ক্লাষ্টাৰ আদি পৰ্যবেক্ষণ কৰে ৷ আজি পৰ্যালোচনা কৰা বিভাগসমূহ আছিল ক্ৰমে লোক নিৰ্মাণ (গৃহ), লোক নিৰ্মাণ (পথ), জনস্বাস্থ্য কাৰিকৰী, জলসম্পদ, সমাজ কল্যাণ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জলসিঞ্চন, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, খাদ্য আৰু অসামৰিক যোগান, বন আৰু কৃষি (PAC reviewed implementation of govt schemes) ।
Last Updated : Feb 3, 2023, 8:37 PM IST