Pabitra Margherita on Batadraba Eviction : ন্যায়পালিকাৰ নিৰ্দেশত হৈছে বটদ্ৰৱাত উচ্ছেদ: পৱিত্ৰ মাৰ্ঘেৰিটা
🎬 Watch Now: Feature Video
বটদ্ৰৱাৰ উচ্ছেদ সন্দৰ্ভত মন্তব্য সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাৰ (Pabitra Margherita reacts on Batadraba eviction) । পৱিত্ৰ মাৰ্ঘেৰিটাৰ মন্তব্য, ন্যায়ালয়ৰ নিৰ্দেশত চলিছে বটদ্ৰৱাত উচ্ছেদ অভিযান । ন্যায়পালিকাৰ নিৰ্দেশনা ৰক্ষা কৰি বেদখলমুক্ত কৰা হৈছে বুলিও মন্তব্য সাংসদজনৰ । আনহাতে, মহাপুৰুষ শংকৰদেৱ বিশ্ববিদ্যালয়ৰ সমীপৰ চৰকাৰী ভূমিও বেদখলমুক্ত কৰা হ'ব মন্তব্য আগবঢ়ায় সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পৱিত্ৰ মাৰ্ঘেৰিটাই ।
উল্লেখ্য, বৃহস্পতিবাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ (Srimanta Sankardev University) ৰাইদঙীয়াৰ আটুৱাটিকা চৌহদত সাংসদ উন্নয়ন পুঁজিৰ অধীনত বিশ্ববিদ্যালয় অতিথিশালাৰ আধাৰশিলা অনুষ্ঠানত অংশগ্ৰহণ কৰে সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই (Sankardev University guest house foundation stone) । উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য প্ৰদান কৰে সাংসদগৰাকীয়ে ।
উল্লেখযোগ্য যে নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী ৰাইদঙীয়া আটুৱাটিকাত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ ৫০ লাখ টকাৰ অতিথিশালাৰ আধাৰশিলা স্থাপন আৰু শৈক্ষিক আৰু প্ৰশাসনিক ভৱনৰ শুভাৰম্ভ কৰে ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পৱিত্ৰ মাৰ্ঘেৰিটাই (MP Pabitra Margherita) । তেওঁ কয় যে শ্ৰীমন্ত শংকৰদেৱ সংঘ কেৱল এটা আধ্যাত্মিক অনুষ্ঠান নহয় । শিক্ষা, সামাজিক, সাংস্কৃতিক ক্ষেত্ৰতো সমৰ্পিত এটা সফল অনুষ্ঠান । অনুষ্ঠানখনে এক মাইলৰ খুঁটিৰূপে সৰ্বজন সমাদৃত হৈছে ।
আনহাতে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত এগৰাকী সাংসদ হিচাপে অনুদান আগবঢ়াবলৈ পাই তেওঁ গৌৰৱান্বিত বুলিও প্ৰকাশ কৰে । উল্লেখ্য শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অতিথি গৃহ নিৰ্মাণৰ বাবে সাংসদ উন্নয়ন পুঁজিৰ পৰা আগবঢ়োৱা ৫০ লাখ টকাৰ ভিতৰত ইতিমধ্যে ৩০ লাখ টকা মোকলাই দিয়া হৈছে বুলি সাংসদগৰাকীয়ে প্ৰকাশ কৰে ।
অনুষ্ঠানত উপস্থিত থাকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈ, প্ৰধান সম্পাদক বাবুল বৰা, শংকৰদেৱ বিশ্ববিদ্যালয়ৰ মুখ্য উপদেষ্টা ভবেন্দ্ৰ নাথ ডেকা, মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য (VC of Srimanta Sankardev University) মৃদুল হাজৰিকা, মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ মৃণাল বৰাৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিষয়ববীয়া, শংকৰদেৱ বিশ্ববিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু নগাঁও জিলাৰ লগতে বটদ্ৰৱা সমষ্টিৰ ভালেসংখ্যক ভক্ত ।