Food poisoning: সোণাৰিত প্ৰসাদ খাই অসুস্থ ২৫ জনৰো অধিক - Food poisoning case
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/01-10-2023/640-480-19656664-thumbnail-16x9-maah.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Oct 1, 2023, 7:39 PM IST
মৰাণ, 1 অক্টোবৰ: চৰাইদেউ জিলাৰ সোণাৰিৰ কাকতিবাৰীত খাদ্যত বিষক্ৰিয়া হোৱাৰ ঘটনা সংঘটিত হৈছে ৷ কাকতিবাৰীৰ দা ধৰাৰ নামঘৰত লখিমী সবাহৰ প্ৰসাদ খাই অসুস্থ হৈছে 25 গৰাকীতকৈ অধিক লোক ৷ বৃহস্পতিবাৰে দা ধৰা নামঘৰত লখিমী সবাহৰ আয়োজন কৰা হৈছিল ৷ তাৰ পিচতে সবাহত দিয়া মাহ-প্ৰসাদ খাই লোকসকলৰ জ্বৰ, বমিৰ লগতে বিভিন্ন ৰোগৰ লক্ষণে দেখা দিছিল ।
ইয়াৰ মাজতে দুই এজনৰ অৱস্থাৰ অৱনতি ঘটাত তেওঁলোকক ততালিকে চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল ৷ কিন্তু দেওবাৰে মাহ-প্ৰসাদ গ্ৰহণ কৰা গাঁৱৰ 25 জনকৈ পুৰুষ মহিলাৰ স্বাস্থ্যৰ অৱনতি ঘটাত সোণাৰিস্থিত ৰজাপুখুৰী জিলা চিকিৎসালয়ত ভৰ্তি কৰা হৈছে । জানিব পৰা অনুসৰি, এই ঘটনাৰ পাচতে খাদ্য বিভাগে নমুনা সংগ্ৰহ কৰিছে । খাদ্যৰ নমুনা পৰীক্ষাৰ পিচতহে গম পোৱা যাব কিয় এই ঘটনা সংঘটিত হৈছিল ।
লগতে পঢ়ক: Mother Sells Infant : নৱজাতক বিক্ৰীৰ অভিযোগত নগাঁৱৰ হুজগাঁৱত উত্তপ্ত পৰিস্থিতি