Theft in Jorhat: ৰাজহুৱা সম্পত্তিত হাত দি আৰক্ষীৰ জালত দুধৰ্ষ চোৰ - ৰাজহুৱা সম্পত্তিত হাত দি আৰক্ষীৰ জালত দুধৰ্ষ চোৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 22, 2023, 7:57 PM IST

যোৰহাট,২২ এপ্ৰিল: ৰাজহুৱা সম্পত্তি লুট কৰাৰ নতুন কৌশল চোৰৰ । এইবাৰ ঠেলা চালকৰ ৰূপত চোৰে চলাইছে চাফাই অভিযান । যোৰহাট নগৰত পোহৰলৈ আহিছে এক ভয়ংকৰ ঘটনা । ভঙা চিঙা সামগ্ৰী ক্ৰয় কৰি ডেম্পত বিক্ৰী কৰা নগাঁও জিলাৰ জুৰীয়াৰ চিৰাজুল ইছলাম নামৰ চোৰটোৱে এইবাৰ হাত দিছে ৰাজহুৱা সম্পত্তিত (Theft in Jorhat) ।  

যোৰহাট নগৰৰ পদপদত থকা লোহাৰ চেলেট চুৰি কৰি কেন্দুগুৰিৰ এটা ডেম্পত বিক্ৰী কৰিছিল চিৰাজুলে (Theft of public property in Jorhat) । পিছে সমগ্ৰ দৃশ্য বন্দী হৈ ৰৈছিল CCTV কেমেৰাত । CCTV ফুটেজৰ ভিত্তিতে আৰক্ষীয়ে অভিযান চলাই কেন্দগুৰি বৰপুলৰ পৰা চিৰাজুল ইছলামক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (Thief arrested by Jorhat police) । উল্লেখ্য যে ধৃত চিৰাজুলৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও উত্থাপন হৈছিল চুৰিৰ অভিযোগ ।

লগতে পঢ়ক: Firing in Assam Arunachal border: সীমা চুক্তিৰ স্বাক্ষৰৰ পাচতে লখিমপুৰৰ অৰুণাচল সীমান্তত উত্তেজনা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.