One dies after tractor turns over:মাজুলীৰ দক্ষিণপাট সত্ৰৰ সমীপত ট্ৰেক্টৰ বাগৰি দুৰ্ঘটনা

By

Published : Jul 27, 2023, 4:56 PM IST

thumbnail

মাজুলী, 27 জুলাই : মাজুলী দক্ষিণপাট সত্ৰৰ সমীপত বৃহস্পতিবাৰে এক ভয়ংকৰ ঘটনা সংঘটিত হয় । ট্ৰেক্টৰ বাগৰি এজন ব্যক্তিৰ থিতাতে মৃত্যু হয় । দক্ষিণপাট সত্ৰৰ পূব গড়ত সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো । উক্ত দুৰ্ঘটনাত বিকাশ কৰ্মকাৰ নামৰ এজন ট্ৰেক্টৰ চালকৰ থিতাতে মৃত্যু হয় ।

বিকাশ কৰ্মকাৰ নামৰ যুৱকজনৰ ঘৰ যোৰহাটৰ চটাইত বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে । প্ৰায় আঠ বছৰ বয়সৰ পৰাই বিকাশ কৰ্মকাৰ মাজুলীৰ পৱিত্র শইকীয়া নামৰ লোকজনৰ ঘৰতে পৰিয়ালৰ সদস্যৰূপে আছিল । যুৱকজনৰ অকাল মৃত্যুত তেওঁৰ পৰিয়ালৰ লগতে অঞ্চলটোত শোকৰ ছাঁ পৰিছে । সকলোৱে যুৱকজনৰ আত্মাৰ সদগতি কামনা কৰিছে । বাতৰি যুগুত কৰা পৰলৈকে যুৱকজনৰ মৃত্যু সংবাদ লাভ কৰি চটাইৰ ঘৰৰ পৰা তেওঁৰ কোনো আত্মীয় মাজুলীত উপস্থিত হৈছে গৈ নে নাই সেই সম্পৰ্কে এতিয়াও জানিব পৰা হোৱা নাই  ৷

লগতে পঢ়ক : A boy goes missing in Brahmaputra river: মাজুলীত অঘটন, ব্ৰহ্মপুত্ৰত সন্ধানহীন কিশোৰ 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.