NELL 2023 Season 2: এগৰাকী অধ্যক্ষাই তিনিচুকীয়া জিলালৈ কঢ়িয়াই আনিছে গৌৰৱ - প্ৰিণ্ট উইনাৰ
🎬 Watch Now: Feature Video
তিনিচুকীয়া, ২৬ জুলাই: বৰ্তমান সময়ত জীয়ৰী-বোৱাৰী, মহিলাসকল পুৰুষতকৈ কোনো গুণে পিচ পৰি থকা নাই ৷ পুৰুষৰ সৈতে খোজে খোজ মিলাই আগুৱাই গৈছে মহিলাসকলো ৷ এগৰাকী মহিলাই অথবা গৃহিণীয়ে যদি ইচ্ছা কৰে নিজৰ দায়িত্ব পালন কৰিও কৰিব পাৰে বহু কাম ৷ শেহতীয়াকৈ তিনিচুকীয়াৰ এখন বিদ্যালয়ৰ এগৰাকী অধ্যক্ষাই দাঙি ধৰিছে এনে এক উদাহৰণ ৷ সকলো দায়িত্ব পালন কৰিও জিলাখনলৈ কঢ়িয়াই আনিছে গৌৰৱ ৷
উল্লেখ্য যে, নতুনকৈ চৰকাৰে প্ৰদান কৰা CBSE মাধ্যমৰ আদৰ্শ বিদ্যালয়, তিনিচুকীয়াৰ অধ্যক্ষা প্ৰতিতী বৰপূজাৰীয়ে ২১ জুলাইত গুৱাহাটীত অনুষ্ঠিত নৰ্থ-ইষ্ট লাইমলাইট-২০২৩ৰ চিজন-২ত “প্ৰিণ্ট উইনাৰ”ৰ মেডেল লাভ কৰিছবলৈ সক্ষম হৈছে ৷ এই প্ৰতিযোগিতাত ত্ৰিপুৰা, মণিপুৰৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ অধিকাংশ ৰাজ্যৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল ৷
ইয়াৰ পূৰ্বে প্ৰতিতীয়ে ডিগবৈত অনুষ্ঠিত নৰ্থ-ইষ্ট উইনাৰ হৈ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি স্থান লাভ কৰিছিল ৷ প্ৰতিতি বৰপূজাৰী জন্মগতভাৱে তিনিচুকীয়া লিডুৰ যদিও এতিয়া তিনিচুকীয়াৰ বিমলাপ্ৰসাদ চলিহা নগৰৰ বাসিন্দা ৷ প্ৰতিতী এগৰাকী গৃহিণী হোৱাৰ উপৰিও এখন বিদ্যালয়ৰ অধ্যক্ষা, কিন্তু তাৰ পাচতো নিজৰ মডেলিং জগতৰ প্ৰতি থকা প্ৰৱল ইচ্ছাৰ ফলত প্ৰিণ্ট উইনাৰ মেডেল লাভ কৰিবলৈ সক্ষম হৈছে ৷