thumbnail

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 8:11 PM IST

ETV Bharat / Videos

Nomal Momin on job scam: লুৰীণজ্যোতি গগৈক কটাক্ষ নোমল মমিনৰ

ডিব্ৰুগড়,১৬ ছেপ্টেম্বৰ: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত ঘোষণা কৰিছিল চাকৰি কেলেংকাৰীৰ তথ্য দিলে তদন্ত কৰা হ'ব বুলি । ইয়াৰ পাছতে অসম জাতীয় পৰিষদে অনিয়মেৰে চাকৰি লাভ কৰা ব্যক্তিৰ তালিকা প্ৰকাশ কৰি মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছিল । অসম জাতীয় পৰিষদ সভাপতি লুৰীণজ্যোতি গগৈৰ এই প্ৰত্যাহ্বানৰ পাছতেই চৰাইদেউৰ মৰাণহাটত প্ৰতিক্ৰিয়া প্ৰকাশ বিধান সভাৰ উপাধ্যক্ষ ড৹ নোমল মমিনৰ ।  

লুৰীণজ্যোতি গগৈৰ হাতত চাকৰি কেলেংকাৰীৰ তথ্য আছে বুলি কোৱা মন্তব্যক কটাক্ষ বিধানসভাৰ উপাধ্যক্ষ ড৹ নোমল মমিনৰ । তেওঁ কয় যে, "লুৰীণজ্যোতি গগৈৰ অসমৰ ৰাইজলৈ কোনো অৱদান নাই । লুৰীণজ্যোতি গগৈৰ হাতত যদি তথ্য আছে আদালতত গোচৰ তৰক । সংবাদমাধ্যমৰ আগত কিবা কিবি কৈ থাকিলেই নহ'ব । প্ৰমাণ থকাৰ পিছতো তেওঁ কিয় গোচৰ তৰা নাই । কেচ খেলিবলৈ যদি টকা নাই, তেন্তে মই সহায় কৰিম ।"

লগতে পঢ়ক: Professor was attacked by stuntman: উদণ্ড যুৱকৰ প্ৰহাৰত আঘাতপ্ৰাপ্ত অধ্যাপক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.