হঠাৎ শিবিৰ ত্যাগ কৰিবলৈ ক’লে কেনেকৈ ত্যাগ কৰিম: এন এল এফ বি কেডাৰ - এম বাথা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/07-01-2024/640-480-20448616-thumbnail-16x9-kokrajhar.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Jan 7, 2024, 8:16 AM IST
কোকৰাঝাৰ, 7 জানুৱাৰী : কোকৰাঝাৰ চহৰৰ নিকটৱৰ্তী চান্দামাৰীস্থিত এন এল এফ বিৰ ডেজিগনেটত শিৱিৰত থকা কেডাৰসকলক শুকুৰবাৰে নিশা আৰক্ষীয়ে শিবিৰ ত্যাগ কৰিবলৈ বাধ্য কৰাক লৈ সংগঠনটোৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ শুকুৰবাৰৰ ঘটনাৰ সন্দৰ্ভত শনিবাৰে এক সংবাদমেল সম্বোধন কৰে এন এল এফ বিৰ কেডাৰে ৷
কোকৰাঝাৰ প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰি এন এল এফ বি এম বাথা গোটৰ সাধাৰণ সম্পাদক এন পাঞ্জাৰীয়ে কয়, ‘‘ আমি বিগত 4 বছৰে শিবিৰতে আছো । 4 বছৰ পিছত শিবিৰ পৰিত্যাগ কৰিবলৈ বাধ্য কৰোৱাৰ আঁৰত ৰাজনৈতিক কাৰণ আছে ৷ চৰকাৰে আমাক দুই লাখ টকাকৈ দি ঘৰলৈ উভতি যোৱাৰ হেঁচা প্ৰয়োগ কৰিছিল ৷ কিন্তু চৰকাৰৰ হেঁচাক প্ৰত্যাখান কৰি এন ডি এফ বিৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰীক জেইলৰ পৰা মুক্তি দিয়া, এন এল এফ বিৰ সেনাধ্যক্ষ এম বাথাক মুকলি কৰি দিয়াৰ দাবী উত্থাপন কৰি আহিছো ৷’’
উল্লেখ্য যে শুকুৰবাৰে নিশা কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ শাখা) পৃথ্বিৰাজ ৰাজখোৱাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে কোকৰাঝাৰৰ চান্দামাৰীস্থিত আলোচনাপন্থী এন এল এফ বিৰ ডেজিগনেট শিবিৰটো নিশাৰ ভিতৰতে খালি কৰায় । উক্ত শিবিৰত 53 গৰাকী কেডাৰে বাহৰ পাতি আছিল ।
লগতে পঢ়ক : বড়ো মাধ্যমৰ ষষ্ঠ শ্ৰেণীৰ শিক্ষাৰ্থীয়ে বৰ্জন কৰিলে গুণোৎসৱ পৰীক্ষা