Newborn Dies in Govt Hospital: নৱজাতকৰ মৃত্যুক লৈ উত্তাল তেজপুৰ

By

Published : Jan 6, 2023, 9:50 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail
তেজপুৰত শুকুৰবাৰে এটি নৱজাতকৰ মৃত্যুক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় (Newborn Dies in Govt Hospital) ৷ চিকিৎসক-নাৰ্ছ তথা চিকিৎসাকৰ্মীৰ গাফিলতিৰ বাবে সদ্যোজাত শিশুটিৰ মৃত্যু হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে(Newborn died due to alleged medical negligence) ৷ প্ৰসৱ বেদনাত চটফটাই থকা এগৰাকী প্ৰসূতিক বৃহস্পতিবাৰে সন্ধিয়া চিকিৎসকৰ পৰামৰ্শ অনুসৰি তেজপুৰ পৰোৱাস্থিত মাতৃ আৰু শিশু স্বাস্থ্য চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ প্ৰসূতিগৰাকীয়ে নিশা এটি সন্তান জন্ম দিয়ে যদিও চিকিৎসালয়ত শিশুটিৰ মৃত্যু হয় ৷ প্ৰসূতিগৰাকীক প্ৰসৱৰ পূৰ্বে কৰা চিকিৎসাৰ খেলিমেলি তথা জন্মৰ পিছত ল'বলগীয়া শিশুটিৰ উপযুক্ত চিকিৎসা প্ৰদান নকৰাত সদ্যোজাত শিশুটিৰ মৃত্যু হোৱাৰ অভিযোগ তুলিছে আত্মীয়ই ৷ আনকি, প্ৰসৱৰ সময়ত চিকিৎসালয়খনৰ নাৰ্চে ধন লোৱাৰো অভিযোগ উত্থাপন কৰিছে মৃত নৱজাতকৰ পৰিয়ালে ৷
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.