Child death after Vaccination in Diphu: পলিঅ’ বেজি দিয়াৰ পাছতেই দুমহীয়া শিশুৰ মৃত্যুৰ অভিযোগ পিতৃ-মাতৃৰ - পলিঅ’ বেজি দিয়াৰ পাছতেই দুমহীয়া শিশুৰ মৃত্যু

🎬 Watch Now: Feature Video

thumbnail

By

Published : Oct 28, 2022, 10:20 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

ডিফুত পলিঅ’ বেজি দিয়াৰ পাছতেই এটি দুমহীয়া শিশুৰ মৃত্যু হোৱাৰ অভিযোগ কৰিছে শিশুটিৰ পিতৃ-মাতৃয়ে(Child death at Diphu) ৷ মৃত শিশুটি আনশ্ৰিং ৰাইজুং বুলি জানিব পৰা হৈছে ৷ ডিফুৰ ১২ কিলোৰ কাকো বস্তিত সংঘটিত হৈছে এই ঘটনা ৷ শিশুটিৰ পিতৃ-মাতৃয়ে অভিযোগ কৰা অনুসৰি ২৬ অক্টোবৰৰ দুপৰীয়া দুটাকৈ বেজি দিয়া হৈছিল শিশুটিক ৷ ১২ কিলোৰ চিকাৰী বে গাঁৱত স্বাস্থ্য বিভাগৰ এটা দলে প্ৰদান কৰিছিল এই পলিঅ’ বেজি(Child death after Vaccination in diphu) ৷ বেজি লোৱাৰ পাছতেই নিশালৈ জ্বৰ উঠিছিল আৰু দুবাৰকৈ বমিও কৰিছিল শিশুটিয়ে ৷ অৱশেষত শনিবাৰে নিশা মৃত্যু ঘটে কণমানিটিৰ ৷ শীঘ্ৰেই এই ঘটনাৰ উচিত তদন্ত কৰি দোষীক শাস্তি দিয়াৰ দাবী জনাইছে শিশুটিৰ পিতৃ-মাতৃৰ লগতে স্থানীয় ৰাইজে ৷ সম্প্ৰতি সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.