New parliament building controversy : নতুন সংসদ ভৱন উদ্বোধনক লৈ অসন্তুষ্ট নীতিশ কুমাৰ - Nitish Kumar on new parliament building

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 27, 2023, 3:11 PM IST

নেশ্যনেল ডেস্ক,২৭ মে': অহা ২৮ মে'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দিল্লীত নতুন সংসদ ভৱন উদ্বোধন কৰিব (PM to inaugurate parliament building)। যাক লৈ ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । কেইবাটাও বিৰোধী দলে ইতিমধ্যে উদ্বোধনী অনুষ্ঠান বৰ্জন কৰিছে । একে সময়তে, নীতিশ কুমাৰেও কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰিছে আৰু নতুন সংসদ ভৱনৰ কি প্ৰয়োজন আছিল বুলিও প্ৰশ্ন কৰে ।

সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কয় যে যেতিয়া এটা নতুন সংসদ ভৱন নিৰ্মাণ কৰিব বুলি গম পাইছিল তেতিয়াই তেওঁ অসন্তুষ্ট হৈছিল (Nitish Kumar on new parliament building)। স্বাধীনতাৰ পাচত য'ৰ পৰা দেশৰ সকলো আৰম্ভ তাক থাকিবলৈ দিয়া উচিত বুলিও তেওঁ উল্লেখ কৰে । তেওঁৰ মতে ভৱনটোৰ পুনৰ নিৰ্মাণ বা উন্নয়ন কৰিব লাগিছিল । নতুন এটা ভৱন নিৰ্মাণ কৰাৰ কোনো অৰ্থ নাই বুলিও তেওঁ দাবী কৰে ।

নীতিশ কুমাৰৰ মতে বৰ্তমান যিসকল শাসনত আছে তেওঁলোকে দেশৰ সমগ্ৰ ইতিহাস সলনি কৰিব (Nitish Kumar slams BJP)। সংসদ ভৱনটো ৰাষ্ট্ৰপতিয়ে উদ্বোধন নকৰাৰ বাবেও তেওঁ উদ্বেগ প্ৰকাশ কৰে । তেওঁৰ মতে বিজেপিয়ে স্বাধীনতা সংগ্ৰামৰ ইতিহাসো সলনি কৰিব । লগতে শনিবাৰে অনুষ্ঠিত নীতি আয়োগৰ সভালৈ যোৱাৰ কোনো অৰ্থ নাই সেয়ে তেওঁ তালৈ যোৱা নাই বুলিও উল্লেখ কৰে ।

লগতে পঢ়ক :Pt Nehru 59th Death Anniversary : মৃত্যুবাৰ্ষিকীত পণ্ডিত নেহৰুলৈ শ্ৰদ্ধাঞ্জলি কংগ্ৰেছৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.