National Sports Day: কলিয়াবৰত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন - কলিয়াবৰ মাষ্টাৰ্ছ এথেলেটিকছ এছ’চিয়েছন

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 9:25 AM IST

কলিয়াবৰ, 30 আগষ্ট : ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ উপলক্ষে হকীৰ যাদুকৰক স্মৰণ কৰে কলিয়াবৰ ক্ৰীড়াপ্ৰেমী ৰাইজে । কলিয়াবৰৰ ডাঃ টি. আও ষ্টেডিয়ামত হকীৰ যাদুকৰ ধ‍্যানচান্দৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে কলিয়াবৰ মাষ্টাৰ্ছ এথেলেটিকছ এছ'ছিয়েছনৰ প্ৰাক্তন সম্পাদক তথা বৰ্ষীয়ান ক্ৰীড়া সংগঠক গোলাপ শইকীয়াই । ভাৰতৰ অন‍্যতম শ্ৰেষ্ঠ ক্ৰীড়াবিদগৰাকীৰ সোঁৱৰণত এক সামূহিক দৌৰ প্ৰতিযোগিতাও আয়োজন কৰে ৷  

এই প্ৰতিযোগিতাত কলিয়াবৰ জিলা ক্ৰীড়া সন্থা, কলিয়াবৰ মাষ্টাৰ্ছ এথেলেটিকছ এছ’চিয়েছনৰ বিষয়ববীয়া, ফুটবল প্ৰতিযোগিতাৰ দুয়ো দলৰ খেলুৱৈ আৰু ক্ৰীড়াপ্ৰেমীয়ে অংশগ্ৰহণ কৰে । হকীৰ যাদুকৰ নামেৰে বিশ্ববাসীয়ে চিনি পোৱা এই মহান খেলুৱৈ গৰাকীয়ে 1905 চনৰ 29 আগষ্টত এলাহাবাদত জন্ম গ্ৰহণ কৰিছিল ।

2012 চনৰ পৰা আৰম্ভ হোৱা ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ 2023 ৰ প্ৰধান বিষয়বস্তু হৈছে, ক্ৰীড়া হৈছে এক সমন্বয়মুখী আৰু সুস্থ সমাজৰ বাৰ্তাবাহক । সম্প্ৰতি বিভিন্ন দুষ্ট চক্ৰই জাতি-ধৰ্মৰ মাজত সংঘাতৰ সৃষ্টি কৰি সমাজক বিভাজিত কৰাৰ অপচেষ্টা চলাই থকাৰ সময়তে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ বিষয়বস্তু যথেষ্ট তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে ।

অনুষ্ঠানত জিলা ক্ৰীড়া সন্থাৰ ফুটবল সম্পাদক গৌতম খাউণ্ডে কলিয়াবৰৰ ৰাষ্ট্ৰীয় ছাব-জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলগীয়া অসমৰ ছোৱালীৰ দলত স্থান লাভ কৰা বৃষ্টিপ্ৰিয়া ডেকাৰ লগতে 19 অনুৰ্দ্ধৰ জে কে বৰুৱা ক্ৰিকেট প্ৰতিযোগিতাত অংশ ল'বলগীয়া দলটোক শুভেচ্ছা জনায় । 

স্মৰ্তব‍্য যে, এই বৰ্ষতে কলিয়াবৰৰ মহিলা ফুটবলাৰ চিমি গগৈয়ে গুজৰাটত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱত অংশ লোৱাৰ লগতে জচিলা মমিনে ভূপালত হোৱা ৰাষ্ট্ৰীয় স্কুল গেমছত অসমৰ ফুটবল দলক প্ৰতিনিধিত্ব কৰিছিল ।

লগতে পঢ়ক:Football tournament: তিনিচুকীয়াত শ্বহীদ বিনন্দ মৰাণ সোঁৱৰণী আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.