thumbnail

By

Published : May 17, 2023, 7:14 PM IST

ETV Bharat / Videos

Guwahati Doctor Couple case: শিশু নিৰ্যাতনকাৰী চিকিৎসক দম্পতীক কঠোৰ শাস্তি প্ৰদানৰ দাবী

গুৱাহাটী, 17 মে’: শিশু নিৰ্যাতনত অভিযুক্ত চিকিৎসক দম্পতীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী তুলিছে ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে ৷ গুৱাহাটীৰ বেলতলাৰ লক্ষ্মী মন্দিৰস্থিত সামাজিক ন্যায় আৰু সবলীকৰণ সঞ্চালকৰ কাৰ্যালয়ত সংবাদমেলযোগে এই দাবী তোলে আয়োগৰ সদস্যা ডাঃ দিব্যা গুপ্তাই (Guwahati Doctor Couple case) ৷

তেওঁ কয় যে, ডাঃ ৱালিউল ইছলাম আৰু ডাঃ সংগীতা দত্তৰ লগতে সহায়িকা দুয়োগৰাকীক উচিত শাস্তি প্ৰদান কৰিব লাগে । এনেধৰণৰ দোষত দোষী সাব্যস্ত হ’লে কেতিয়াও ৰেহাই দিব নালাগে (Child abuse case in Guwahati) ৷

‘‘আমাৰ সম্পূৰ্ণ দৃষ্টি নিবদ্ধ থাকিব এই গোটেই গোচৰটোত । ফাষ্টট্ৰেক আদালতৰ জৰিয়তে বিচাৰ হ’ব লাগে । মই ল'ৰা-ছোৱালী দুয়োটাকে লগ কৰি আহিছো । শিশু দুটাই এতিয়াও মাক-দেউতাকৰ কথা ক’লেই ভয় খাই । প্ৰথমতে একো খাবই বিচৰা নাছিল, এতিয়া অলপ কথা পাতে । আগতকৈ উন্নত হৈছে শিশু দুটাৰ মানসিক অৱস্থা । আমি উচিত শাস্তি বিচাৰিছোঁ চিকিৎসক দম্পতীৰ ।’’ ডাঃ গুপ্তাই কয় (Doctor couple child molestation case) ৷  

তেওঁ লগতে কয়, ‘‘এইক্ষেত্ৰত চৰকাৰেও উচিত পদক্ষেপ গ্ৰহণ কৰিছে । লগতে IVF চিকিৎসক আৰু চিকিৎসা গোটেই বিষয়টো তদন্ত হ’ব লাগে । অবৈধ চাৰোগেচী কেন্দ্ৰ চলাই থকা সকলোৱে শাস্তি পাব লাগে ।’’ (Guwahati doctor couple arrested) ৷

লগতে পঢ়ক: Sarita Toshniwal case verdict : সৰিতা হত্যাকাণ্ডত দোষী সাব্যস্ত কিৰো মেচ; দোষমুক্ত দীপমণি শইকীয়া

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.