Protest in Nagaon: শ্ৰমিক দিৱসৰ দিনাই পেটত গামোচা বান্ধি প্ৰতিবাদত বহিল আৰ্টফেড জাগৰণৰ বেটন বঞ্চিত কৰ্মচাৰী

By

Published : May 1, 2023, 8:35 PM IST

thumbnail

নগাঁও, ১ মে’ : আজি ১ মে’, অৰ্থাৎ শ্ৰমিক দিৱস (Labour day 2023)। শ্ৰমিকৰ বাবে এটা বিশেষ দিন । শ্ৰমিকৰ এই বিশেষ দিনটোতেই অসমীয়াৰ স্বাভিমান গামোচা পেটত বান্ধি প্ৰতিবাদত বহিল নগাঁৱৰ আৰ্টফেড জাগৰণৰ কৰ্মচাৰী । নগাঁও চহৰৰ মাজমজিয়াৰ জয়শ্ৰী হল চাৰিআলিত নিজৰ প্ৰাপ্য বিচাৰি শ্ৰমিক দিৱসৰ দিনাই প্ৰতবাদী কাৰ্যসূচী গ্ৰহণ কৰে আৰ্টফেড জাগৰণৰ শ্ৰমিকসকলে (Nagaon Artfed Awakening Employees protest) ।

ৰাজ্য চৰকাৰৰ সমবায় বিভাগৰ অধীনৰ আৰ্টফেড জাগৰণৰ বহু কৰ্মচাৰীয়ে বিগত দুই-তিনি বছৰ ধৰি নিজৰ প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীসকলে । নিজৰ প্ৰাপ্য দৰমহা আদায় দিয়াৰ দাবীতেই শ্ৰমিক দিৱসৰ দিনা এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আৰ্টফেড জাগৰণৰ কৰ্মচাৰীসকলে ।

‘‘বয়ন শিল্প জীয়াই ৰাখক, নহ’লে শ্ৰমিক দিৱসৰ দিনাই এনকাউণ্টাৰ কৰক’’, দাবী সম্বলীত প্লে’কাৰ্ড হাতে হাতে লৈ শ্ৰমিক দিৱসৰ দিনা প্ৰাপ্য দৰমহা বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে আৰ্টফেড জাগৰণৰ বেতন বঞ্চিত কৰ্মচাৰীসকলে । কৰ্মচাৰীৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি চৰকাৰক কটাক্ষ কৰে নগাঁৱৰ আম আদমী পাৰ্টীৰ নেতা বিৰিঞ্চি বৰাই ।

লগতে পঢ়ক : May day 2023 : শ্ৰম দিৱসে দেশত শতবৰ্ষ গৰকিবৰ সময়তো শ্ৰমিকে নাপালে প্ৰাপ্য স্বীকৃতি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.