Naba Sarania press meet: বিটিচিত দুটাই বিকল্প আছে, হয় বিজেপি নহয় নৱ শৰণীয়া - চৰকাৰৰ একনায়কত্ববাদী শাসন

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 10, 2023, 10:49 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

মঙলবাৰে বাক্সা জিলাৰ মুছলপুৰৰ সাহিত্য সভাৰ পেক্ষাগৃহত ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই (MP Naba Sarania) সংবাদমেল যোগে চৰকাৰৰ একনায়কত্ববাদী শাসনৰ কঠোৰ সমালোচনা কৰে (Naba Sarania press meet)। তেওঁ সংবাদমেলত কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ আগতে বিটিচিত থকা অবড়ো গাঁওসমুহ বাদ দিব লাগে ৷ অসমৰ পৰা বিটিচিত গাওঁ অন্তৰ্ভুক্তহে কৰিছে কিন্তু বিটিচিৰ পৰা গাওঁ কৰ্তনৰ কোনো ব্যৱস্থা এতিয়ালৈকে চৰকাৰে হাতত লোৱা নাই (MP Naba Sarania slams BJP) ৷ বিটিচিৰ এটা নিজস্ব শাসন ব্যৱস্থা আছে যদিও বিজেপি চৰকাৰে এই ব্যৱস্থাটো সম্পূৰ্ণ নিজৰ হাতলৈ নিছে ৷ যাৰ পৰিপ্ৰেক্ষিতত বিটিচিত থকা বড়ো ৰাইজ ভিতৰি ভিতৰি অসন্তুষ্ট হৈ আছে ৷ অনাগত দিনত আঞ্চলিক দলসমূহ একেলগ হৈ চৰকাৰ গঠনৰ কাৰণে ৰাজনৈতিক দল সমূহক আহ্বান জনাই নৱ শৰণীয়াই ৷ ইফালে বিটিচিত অস্ত্ৰ উদ্ধাৰৰ ঘটনা প্ৰসংগত তেওঁ কয় যে চৰকাৰে নিবনুৱাৰ সংস্থাপন দিব নোৱৰাটোৱেই ইয়াৰ প্ৰমান ৷ অকল এটা সংগঠনেই নহয়, যদি নিবনুৱাৰ সংখ্যা বাঢ়ি গৈ থাকে তেনেহলে বিটিচিত আৰু বহু সংগঠনে অস্ত্ৰ তুলি ল’ব ৷
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.