People against Drugs: মাদক দ্ৰব্যৰ বিৰুদ্ধে ঐক্যবদ্ধ বানেকুছিৰ মুছলিম সমাজ

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 4:13 PM IST

thumbnail

নলবাৰী,২৩ ছেপ্টেম্বৰ: শুকুৰবৰীয়া জুমাৰ নামাজৰ পিছতে মাদক দ্ৰব্যৰ বিৰুদ্ধে ঐক্যবদ্ধ হ'ল নলবাৰী জিলাৰ বড়নগৰ বানেকুছিৰ ডাঙ্গুৱাপাৰাৰ মুছলিম সমাজ । জুম্মাৰ নামাজৰ পিছতে ভালে সংখ্যক বিশিষ্ট ব্যাক্তি আৰু অঞ্চলটোৰ ৰাইজে মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগ আৰু সচেতনতাৰ ওপৰত লক্ষ্য ৰাখি বড়নগৰ বানেকুছিৰ ডাঙ্গুৱাপাৰাৰ মছজিদ প্ৰাংগণত অনুষ্ঠিত কৰা হয় এখন সভা । উক্ত সভাত সভাপতিত্ব কৰে বড়নগৰ বানেকুছিৰ ডাঙ্গুৱাপাৰাৰ মছজিদ পৰিচালনা সমিতিৰ সভাপতি তাইজদ্দিন আহমেদে ।  

লগতে উক্ত সজাগতা সভাত উপস্থিত থাকি বিশিবিশিষ্ট সমাজ কৰ্মী মজিবৰ ৰহমান, ডাঙ্গুৱাপাৰা মছজিদ পৰিচালনা সমিতিৰ সম্পাদক চৈয়দ মইনুদ্দিন আহমেদকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে মাদক দ্ৰব্যই সমাজখনক কি ধৰণে ধংস কৰিছে আৰু ইয়াৰ পৰা কিদৰে পৰিত্ৰাণ পাব পাৰি তাৰ ওপৰত নিজৰ নিজৰ বক্তব্য দাঙি ধৰে । লগতে মুছলমান সামজখনে মাদক দ্ৰব্য সেৱনকাৰী সকলৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আৰক্ষী প্ৰশাসনক দাবী উত্থাপন কৰাৰ উপৰি ভৱিষ্যতৰ দিনত অঞ্চলটোৰ কোনো লোকে যদি মাদক দ্ৰব্য সেৱন কৰে তেনেহলে সামাজিকভাৱে তেওঁসকলক বয়কত কৰা হ'ব বুলিও হুংকাৰ প্ৰদান কৰে ।  

লগতে পঢ়ক: Junmoni Rabha case : লখিমপুৰত জোনমণি ৰাভাৰ অভিযান প্ৰসংগত আদালতত চিবিআইৰ দাখিল চাৰ্জশ্বীট

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.