Lok Sabha Election 2024 : বিজেপিক জিকাবলৈ সাংবাদিকক আহ্বান কুইন ওজাৰ - Lok Sabha Election 2024 news
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/16-10-2023/640-480-19782104-thumbnail-16x9-atas12.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Oct 16, 2023, 6:25 PM IST
বৰপেটা, 16 অক্টোবৰ : "আগন্তুক লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক 14 খন আসনেই দিবলৈ চেষ্টা কৰিম যদিও 13 খন আসন উপহাৰ দিবই লাগিব ৷ আমি ৰাজনীতি কৰি আছো, সমাজ সেৱা কৰি আছো, ৰাইজৰ মাজত কাম কৰি আছো, দলক জিকোৱাটোৱেই আমাৰ প্ৰধান লক্ষ্য ৷ মই বৰপেটাৰ বোৱাৰী, কিন্তু মই গুৱাহাটীৰ জীয়াৰী ৷ যোৱা 40 টা বছৰ মই গুৱাহাটীৰ হকে কাম কৰি আহিছো ৷ মই বৰপেটাখনকো যথেষ্ট ভাল পাঁও ৷" সোমবাৰে বৰপেটাত উপস্থিত হৈ সাংসদ কুইন ওজাই এই মন্তব্য প্ৰকাশ কৰে ৷
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে সোমবাৰে বৰপেটাতো অসম মাইক্ৰ'ফাইনেন্স ইনছেণ্টিভ আৰু ৰিলিফ আঁচনিৰ এক সভা অনুষ্ঠিত কৰা হয় ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ বৰপেটাত উপস্থিত হয় সাংসদগৰাকী ৷ লগতে সাংবাদিকে কুইন ওজাৰ ৰাজনৈতিক ভৱিষ্যতক লৈ প্ৰশ্ন উত্থাপন কৰোঁতে তেওঁ গুৱাহাটীতেই নিৰ্বাচন খেলাৰ মন আছে বুলি সদৰী কৰে ৷ তেওঁ লগতে কয় যে, বৰপেটাত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ তেওঁৰ কোনোধৰণৰ ইচ্ছা নাই ৷
আনহাতে এইবাৰ লোকসভা নিৰ্বাচনত বিজেপিক জয়ী কৰিবলৈ সাংবাদিকসকলক সহায় কৰিবলৈ আহ্বান জনায় সাংসদগৰাকীয়ে ৷ তেওঁ উল্লেখ কৰে যে সাংবাদিকসকলৰ ভূমিকা অতিকৈ গুৰুত্বপূৰ্ণ ৷ সেইবাবে বিজেপিক সহায় কৰিবলৈ আহ্বান জনায় সাংসদ ওজাই ৷