Abdul Khaleque slams Ajmal: প্ৰলাপ বকিবলৈ আৰম্ভ কৰিছে বদৰুদ্দিন আজমলে: আব্দুল খালেক - Abdul Khaleque slams Ajmal

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 11, 2023, 7:34 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

2024ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে সংঘাত বৃদ্ধি পাইছে কংগ্ৰেছ আৰু AIUDFৰ ৷ উল্লেখ্য যে, বিগত কিছুদিনৰ পৰা AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমলে(Badruddin Ajmal) নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ লগতে সামগ্ৰিকভাৱে কংগ্ৰেছ দলক আক্ৰমণৰ লক্ষ্য কৰি লৈছে । কংগ্ৰেছৰ বিৰুদ্ধে আজমলে কেতবোৰ নিম্ন ৰুচিসম্পন্ন আৰু মানহানিকৰ মন্তব্যক কৰাক লৈ কংগ্ৰেছত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া(Badruddin Ajmal on congress) ৷ আজমলৰ মন্তব্যক লৈ এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছৰ সাংসদ আব্দুল খালেকে ৷ সাংসদ আব্দুল খালেকৰ মন্তব্য(MP Abdul Khaleque slams Ajmal), ‘‘ আজমলে ভালদৰে জানে যে ধুবুৰীত তেওঁৰ ভেঁটি থৰক-বৰক হৈ পৰিছে । যাৰ বাবে আজমলে কংগ্ৰেছৰে মিত্ৰতা কৰাৰ বাবে উঠিপৰি লাগিছে । কংগ্ৰেছৰ ৰাজ্যিক নেতৃত্বই আজমলৰে মিত্ৰতা অস্বীকাৰ কৰাৰ বাবে আজমলে কংগ্ৰেছৰ ৰাজ্যিক নেতৃত্বৰ বিৰুদ্ধে প্ৰলাপ বকিবলৈ আৰম্ভ কৰিছে । বিগত বিধানসভা নিৰ্বাচনত অনিচ্ছা স্বত্বেও দলৰ স্বাৰ্থত মিত্ৰতা কৰা হৈছিল । কিন্তু পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰে এ আই ইউ ডি এফৰ ঘনিষ্ঠতা প্ৰকাশ পালে ।’’ ইফালে আজমলৰ লগত কোনো কাৰণতে মিত্ৰতা নহয় কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই স্পষ্ট কৰি দিছে বুলিও মন্তব্য আব্দুল খালেকৰ ৷
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.