বঙাইগাঁৱৰ কিষাণ বজাৰত খেৰভৰ্তি চলন্ত বাহনত অগ্নিকাণ্ড - কিশান বজাৰত অঘটন
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/18-11-2023/640-480-20055465-thumbnail-16x9-nn-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Nov 18, 2023, 8:10 PM IST
বঙাইগাঁও, ১৮ নৱেম্বৰ: বঙাইগাঁও জিলাৰ কিষাণ বজাৰৰ সন্মুখত শনিবাৰে সংঘটিত হয় এক ভয়ংকৰ ঘটনা । ৰাইজে উল্লেখ কৰা মতে, খেৰভৰ্তি চলন্ত বাহনত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত ৰাইজৰ মাজত হুৱাদুৱা লাগে । AS 19 ER 2350 নম্বৰৰ মালবাহী মেজিকখনত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা ।
খেৰভৰ্তি মেজিকখন হঠাতে দাউ দাউ কৰি জ্বলি উঠাত চালকজনে বুদ্ধিৰে বাহনখন পথৰ কাষত থকা এখন পানীভৰ্তি খাৱৈত ঠেলি দিয়ে । ইয়াৰ পিচতেই অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াৰ পিছত অগ্নিনিৰ্বাপক বাহিনীৰ এখন বাহনে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় । এই বাহনখন কি কাৰণত জ্বলি উঠে জানিব পৰা হোৱা নাই যদিও যান্ত্ৰিক বিজুতিৰ ফলতে জ্বলি উঠাৰ ধৰণা কৰা হৈছে ।
লগতে পঢ়ক:Moving dumper catches fire : খানাপাৰাত নিশা হঠাৎ জ্বলি উঠিল এখন বাহন