Junmoni Rabha updates: ‘‘মোৰ ছোৱালীজনীক ন্যায় দিয়ক’’; জোনমণিৰ মাতৃয়ে মাথোঁ উচুপিছে

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 19, 2023, 7:04 PM IST

Updated : May 19, 2023, 7:43 PM IST

কলিয়বৰ, 19 মে’ : ‘‘মই আৰু ভাগৰি পৰিছোঁ ৷ মোৰ শক্তি নাই ৷ মই অসুস্থ হৈ পৰিছো ৷ মোক ন্যায় লাগে ৷ মোৰ ছোৱালীজনীয়ে ন্যায় পাব লাগে ৷’’ এই ভাষ্য সদ্য প্ৰয়াত এছ আই জোনমণি ৰাভাৰ মাতৃৰ (Mother of Junmoni Rabha at Jakhalabandha) ৷

তথ্য অনুসৰি, কলিয়বৰৰ সৰুভগীয়াত এক দুৰ্ঘটনাত পতিত হৈ মৃত্যু বৰণ কৰা মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাৰ মাতৃ শুকুৰবাৰে বিয়লি উপস্থিত হয় কলিয়াবৰত । কলিয়াবৰৰ জখলাবন্ধা আৰক্ষী থানাত উপস্থিত হৈ জীয়ৰী জোনমণি ৰাভাৰ সন্দেহজনক মৃত্যু ন্যায় বিচাৰি দাখিল কৰে এজাহাৰ (FIR against Junmoni Rabha accident case) ।

ইতিমধ্যে জোনমণিৰ দুৰ্ঘটনাৰ তদন্তৰ বাবে জখলাবন্ধা আৰক্ষী থানাত 84/23 নম্বৰত এক গোচৰ ৰুজু কৰা হৈছে । সেই গোচৰৰ ভিত্তিত বৰ্তমান তদন্ত চলি আছে । ভাৰতীয় দণ্ডবিধি আইনৰ 279/427/304 (A) ধাৰাত ৰুজু হৈছে এই গোচৰ ।

লগতে পঢ়ক : CID team in Nagaon : মৰিকলংঙৰ আৰক্ষী চকীৰ OC মনোজ বৰুৱাক CID ৰ তলব

Last Updated : May 19, 2023, 7:43 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.