Rupjyoti Kurmi criticized BJP : বৰ্তমান কৰ্ণাটকবাসী দস্যুৰ কৱলত পৰিছে : ৰূপজ্যোতি কুৰ্মী

By

Published : May 14, 2023, 4:58 PM IST

thumbnail

যোৰহাট, 14 মে’ : ‘‘যেনেদৰে ৰাম, শিৱ বা ভগৱান বিষ্ণুক কোনেও পৰাভূত কৰিব পৰা নাছিল ৷ কিন্তু এখন্তেকৰ বাবে কেতিয়াবা কেতিয়াবা দস্যুৰ হাতত তেওঁলোকো পৰাভূত হৈছিল ৷ অৱশ্যে সেয়া স্থায়ী নাছিল ৷ তেনেদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো কোনো পৰাস্ত কৰিব নোৱাৰে ৷ এখন্তেকৰ বাবেহে ভাৰতীয় জনতা পাৰ্টীৰ পৰাজয় হৈছে ৷’’ দেওবাৰে যোৰহাট শংকৰদেৱ কলা কৃষ্টি কেন্দ্ৰত আয়োজিত আন্তঃজাতিক মাতৃ দিৱসৰ অনুষ্ঠানত অংশ লৈ সংবাদ মাধ্যমৰ আগত কৰ্ণাটকৰ নিৰ্বাচন সন্দৰ্ভত এই মন্তব্য কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে (MLA Rupjyoti Kurmi criticized BJP) ৷

বিধায়কগৰাকীয়ে আৰু কয়, ‘‘এখন্তেকৰ কাৰণে জয়ী হৈছিল ৰাৱণ সহিতে দস্যুসকল ৷ সেয়েহে দস্যু দলে এখন্তেক বাবে আনন্দ উল্লাস কৰাৰ প্ৰয়োজন নাই ৷ ৰাম ভগৱান সদায় অপাৰজয়ী’’ । তেওঁ আৰু কয়, ‘‘ভৱিষ্যত সময়ত কংগ্ৰেছৰ অৱস্থা ভাল নহয় ৷ কাৰণ মোডীৰ নেতৃত্বত জম্মু-কাশ্মীৰৰ পৰা আৰম্ভ কৰি সকলোতে শান্তিময় পৰিৱেশে বিৰাজ কৰিছে ৷ সেয়েহে কংগ্ৰেছে সপোন দেখি লাভ নাই ৷ মই সোঁ হাত কি বাওঁ হাতেদিও লিখি দিম, তৃতীয়বাৰ বাবে আকৌ নৰেন্দ্ৰ মোডীয়ে হ’ব দেশৰ প্ৰধানমন্ত্ৰী ৷ যদি এনে নহয়, তেন্তে মই ৰাজনৈতিক জীৱন পৰাই সন্ন্যাস ল’ম’’ ৷

আনকি বৰ্তমান কৰ্ণাটকবাসী দস্যুৰ কৱলত পৰিছে বুলিও মন্তব্য প্ৰকাশ কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে । লগতে মহাজোঁটক দস্যুৰ ৰাহু, কেতু, বকাসুৰ আদিৰ লগত তুলনা কৰিবলৈ নাপাহৰিলে ৰূপজ্যোতি কুৰ্মীয়ে ।

লগতে পঢ়ক : Banner of Next CM in Karnataka : কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীক লৈ কংগ্ৰেছৰ পোষ্টাৰ যুদ্ধ !

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.