BJP internal conflict: বিজেপি দলৰ মাজত ন-পুৰণি বুলি কোনো কথা নাই; প্ৰশান্ত ফুকন - MLA prasanta phukan react over Shrinkhal Chaliha
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/23-08-2023/640-480-19337814-thumbnail-16x9-dib-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Aug 23, 2023, 6:05 PM IST
ডিব্ৰুগড়, ২৩ আগষ্ট: প্ৰয়োজন হ'লে শংখল চলিহাক ফোন কৰি সহায় ল'ব ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে । প্ৰয়োজন হ'লে শংখল চলিহাক ফোন কৰি সুৰক্ষা লোৱাৰ বিষয়ে উল্লেখ কৰি বুধবাৰে বিধায়ক প্ৰশান্ত ফুকনে কয়,"মোক অন্তৰাত্মাৰ পৰা ভাল পায় শৃংখল চলিহাই । সেয়েই খুড়াকৰ অসুবিধা হোৱা বুলি ভাৱিয়েই নিজেই আগবাঢ়ি আহিব বিচাৰিছে । প্ৰয়োজন হ'লে নিজেই ফোন কৰিম ।"
ইপিনে, জ্যেষ্ঠ বিজেপিৰ বিধায়কগৰাকীয়ে বিজেপি দলৰ মাজত ন-পুৰণি বুলি কোনো কথা নাই বুলি কয় যে ছোৱালীৰ বিয়াৰ ৪০ বছৰ পিচতো ন-বোৱাৰী বুলি মাতে । নিশা ১২ বজাতো যদি BJPৰ হৈ কোনোবাই পোষ্টাৰ লগাব আহে তেওঁও বিজিপিৰ কৰ্মী বুলি মন্তব্য় কৰে বিধায়ক প্ৰশান্ত ফুকনে ।
ডিব্ৰুগড় চহৰত অবৈধভাৱে পদপথ দখল কৰি থকা সকলো ব্যৱসায় প্ৰতিষ্ঠানত ডিব্ৰুগড় পৌৰসভা আৰু প্ৰশাসনে উচ্ছেদ চলোৱাত ক্ষুব্ধ হৈ অবৈধ ব্যৱসায়ীয়ে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ গাড়ী আক্ৰমণ কৰিছিল । মদন শ্বাহ নামৰ এজন লোকৰ নেতৃত্বত ২০০জনীয়া গুণ্ডা বাহিনীয়ে বিধায়কৰ বাহন ঘেৰাও কৰি প্ৰতিবাদ কৰাৰ লগতে বাহনখনত আক্ৰমণ কৰিছিল ।
ইয়াৰ পাছতে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই বিধায়ক প্ৰশান্ত ফুকনৰ আক্ৰমণকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ আহ্বান জনাই আৰক্ষীয়ে নোৱাৰিলে প্ৰশান্ত ফুকনৰ নিৰাপত্তাৰ দায়িত্ব ল'ব শৃংখল চলিহাৰ নেতৃত্বত বীৰ লাচিত সেনাই ল’ব বুলি উল্লেখ কৰিছিল ৷
লগতে পঢ়ক:Thief arrested in Guwahati: ড্ৰাগছ সেৱন কৰিবলৈ গুৱাহাটীত চুৰিকাৰ্যত লিপ্ত মণিপুৰৰ যুৱক