Four lane Highway: 515 নং ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণত কিছু আসোঁৱাহ; বিধায়কৰ হস্তক্ষেপ দাবী ৰাইজৰ
🎬 Watch Now: Feature Video
Published : Sep 24, 2023, 9:41 AM IST
জোনাই, 24 ছেপ্টেম্বৰ : জোনাইৰ সীমান্তৱৰ্তী পুৰণা জেলেম গাঁৱৰ ভূমিয়েদি নিৰ্মাণ হ’ব চাৰিলাইনযুক্ত (ফ’ৰলেন) ৰাজপথ ৷ 515 নং ৰাষ্ট্ৰীয় ঘাইপথছোৱা ফ’ৰলেনলৈ উন্নীতকৰণ কৰাৰ বাবে ইতিমধ্যে বিভিন্ন কাম চলি আছে । ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত অসম-অৰুণাচল সীমান্ত কেমি জেলম অংশত ৰাষ্ট্ৰীয় ঘাইপথছোৱা নিৰ্মাণ কৰিবলৈ জৰীপ কৰোতে পূৰ্বৰ ৰাষ্ট্ৰীয় ঘাইপথটোৰ সোঁমাজৰ পৰা দুয়োকাষে বহল কৰিব লাগে যদিও কেমি জেলম ৰাজহুৱা খেলপথাৰখনৰ দিশত জৰীপ কৰি নিৰ্মাণ কৰাৰ প্ৰস্তুতি চলাইছে ।
কেমি জেলম ৰাজহুৱা খেলপথাৰত ফ’ৰলেণ্ড পথ নিৰ্মাণ কাৰ্যৰ বিৰোধিতা কৰিছে স্থানীয় ৰাইজ ৷ সেয়ে এই সম্পৰ্কত উদয় হোৱা সমস্যা সমাধানৰ বাবে স্থানীয় ৰাইজে জোনাইৰ বিধায়ক ভূৱন পেগুক দাবী জনায় । শনিবাৰে দিনৰ প্ৰায় 2 বজাত অসম অৰুণাচল সীমান্ত কেমিজেলমস্থিত ৰাজহুৱা খেলপথাৰ পৰিদৰ্শন কৰে বিধায়ক ভূৱন পেগুৱে ৷ লগতে তেওঁ জিলা আয়ুক্তৰ সৈতে এই বিষয়টো আলোচনা কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও ৰাইজক আশ্বাস প্ৰদান কৰে ।
লগতে পঢ়ক : Terrible road accident:জন্মদিনৰ পাৰ্টীলৈ যোৱাই কাল হ’ল বনজিৎ বৰ্মণৰ