Minister Atul Bora criticized APCC President: ভূপেন বৰা এজন মিছলীয়া বহুবল্কী মানুহ: অতুল বৰা - মন্ত্ৰী অতুল বৰা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-17086883-thumbnail-3x2-mathura2.jpg)
ভূপেন বৰা এজন মিছলীয়া বহুবল্কী মানুহ। তেওঁ নকৰে কি ? নকয় কি ? এই মন্তব্য অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ(AGP President Atul Bora) । বোকাখাতৰ বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ নতুন ভৱনৰ শিলান্যাস কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক(APCC President Bhupen Borah) কঠোৰ ভাষাৰে সমালোচনা কৰে মন্ত্ৰী অতুল বৰাই । কংগ্ৰেছে ভাৰত জোড়ো যাত্ৰাৰ নামত বোকাখাতত বহুৱালী কৰি গৈছে বুলি উল্লেখ কৰি মন্ত্ৰী বৰাই অসম চুক্তি, শ্বহীদৰ কথা কোৱাৰ নৈতিক অধিকাৰ ভূপেন বৰাৰ নাই বুলি মন্তব্য কৰে(AGP Atul bora comment on APCC President) । তেওঁ লগতে কয় যে কংগ্ৰেছে বিদেশী আনিছিল, তাৰবাবেই আন্দোলন হৈছিল । ভূপেন বৰাই আনক সমালোচনা কৰাৰ আগতে নিজৰ মুখখন আইনাত চোৱা উচিত বুলিও কটু সমালোচনা কৰে মন্ত্ৰী অতুল বৰাই । ইয়াৰ লগতে তেওঁ ভূপেন বৰাক আনৰ দলৰ পৰিবৰ্তে নিজৰ দলৰ কথা চিন্তা কৰাৰ বাবে আহ্বান জনায় ৷
Last Updated : Feb 3, 2023, 8:34 PM IST