Minor girl suicide: চিপ লৈ আত্মহত্যা ছাত্ৰীৰ
🎬 Watch Now: Feature Video
জনিয়া, 1 জুলাই : কলগাছিয়াৰ গুণীয়ালগুৰিত শুকুৰবাৰে চিপ লৈ আত্মহত্যা এগৰাকী ছাত্ৰীৰ ৷ ছাত্ৰীগৰাকী গুণীয়ালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী বুলি বুলি জানিব পৰা গৈছে ৷ আত্মহত্যাৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই ৷ শুকুৰবাৰে অনুমানিক প্ৰায় 5.30 বজাত নিজ ঘৰত কোনেও নথকাৰ সুযোগ লৈ চিপ লৈ আত্মহত্যা কৰে ছাত্ৰীগৰাকীয়ে ৷ ঘৰৰ পৰিয়ালৰ লোকে কোৱা অনুসৰি ছাত্ৰীগৰাকী কিছু পৰিমানে মানসিকভাৱে বাধাগ্ৰস্ত ৷
ইয়াৰ পূৰ্বেও দুবাৰকৈ বিষ পান কৰি আত্মহননৰ চেষ্টা কৰিছিল কিশোৰীগৰাকীয়ে ৷ আনকি পূৰ্বেও এবাৰ চিপ লৈ আত্মহত্যা কৰাৰ চেষ্টা কৰিছিল বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে ৷ এতিয়ালৈ কি কাৰণত ছাত্ৰীগৰাকীয়ে আত্মহত্যা কৰিলে ইয়াৰ কাৰণ জানিব পৰা হোৱা নাই ৷ পিছমুহূৰ্তত ঘটনাস্থলীত কলগাছিয়া আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা কৰিবলৈ বৰপেটা ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিব বুলি জানিব পৰা গৈছে ৷
এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি এক শোকৰ ছাঁয়ে বিৰাজ কৰিছে ৷ ছাত্ৰীগৰাকীৰ অকাল মৃত্যুত কান্দোনত ভাঙি পৰিছে পৰিয়ালৰ লোক ৷
লগতে পঢ়ক: Suspected Murder: টি এম পি কেৰ সদস্যৰ ৰহস্যজনক মৃত্যু; হত্যাৰ সন্দেহ