Minister Sanjoy Kishan : বুধবাৰে তিনিচুকীয়াত সংঘটিত হোৱা বিধ্বংসী অগ্নিকাণ্ডস্থলীত উপস্থিত শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ
🎬 Watch Now: Feature Video
Published : Sep 29, 2023, 6:02 PM IST
তিনিচুকীয়া, 29 ছেপ্টেম্বৰ : বুধবাৰে সন্ধিয়া তিনিচুকীয়া চহৰৰ বৰপথাৰ মিছনপাৰাত সংঘটিত হৈছিল এক বিধ্বংসী অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডস্থলীৰ প্ৰৱেশ পথটো সৰু হোৱাৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ততাতৈয়াকৈ প্ৰবেশ কৰিব নোৱৰাত অগ্নিকাণ্ডত নিমিষতে জাহ যায় আঠটাতকৈ অধিক বাসগৃহ ৷ ঘটনাক কেন্দ্ৰ কৰি চৌপাশে সৃষ্টি হৈছিল এক শোকাকুল পৰিবেশৰ ৷ বিস্ফোৰণ হৈছিল কেইবাটাও ৰন্ধন গেছৰ চিলিণ্ডাৰ ৷
তাৰ পাছতে শুকুৰবাৰে ঘটনাস্থলীত তিনিচুকীয়া সমষ্টিৰ বিধায়ক তথা শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ উপস্থিত হৈ বাৰ্তালাপ কৰে অগ্নিকাণ্ডৰ ভুক্তভোগীসকলৰ সৈতে ৷ বাৰ্তালাপ কৰাৰ সমান্তৰালভাৱে পৰিয়ালকেইটাক প্ৰয়োজন হোৱা কিছু প্ৰয়োজনীয় সামগ্ৰী প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ৷
পৰৱৰ্তী সময়ত মন্ত্ৰীগৰাকীয়ে এই স্থানলৈ প্ৰৱেশ কৰা পথটো বহলকৈ নিৰ্মাণ কৰাৰ কথা অৱগত কৰে আৰু এইক্ষেত্ৰত সকলো ৰাইজৰ সহযোগিতা কামনা কৰে ৷ তাৰ সমান্তৰালভাৱে অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত লোকসকলক উচিত ক্ষতিপূৰণ প্ৰদানৰ বাবে জিলা প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণে ৷
লগতে পঢ়ক : Tea garden workers protest : দুৰ্গা পূজাত ২০ শতাংশ বানচ প্ৰদানৰ দাবীত চাহ শ্ৰমিকৰ বিশাল প্ৰতিবাদ