Minister Sanjay Kishan Distribute scotty: ধেমাজিত মেধা ছাত্ৰ-ছাত্ৰীক স্কুটী বিতৰণ কৰিলে মন্ত্ৰী সঞ্জয় কিষাণে - Minister Sanjay Kishan Distribute scotty
🎬 Watch Now: Feature Video
ৰাজ্য চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ (Pragyan Bharati scheme) অধীনত ড৹ বাণীকান্ত কাকতি মেধা বঁটা হিচাপে বৃহস্পতিবাৰে ধেমাজি জিলাৰ মৰিঢল মহাবিদ্যালয়ত আনুষ্ঠানিকভাৱে ছাত্ৰ-ছাত্ৰীক স্কুটী বিতৰণ কৰে জিলাখনৰ অভিভাৱক মন্ত্ৰী সঞ্জয় কিষাণে (Minister Sanjay Kishan Distribute scotty)৷ যোৱা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৬০ শতাংশ বা তাতোধিক নম্বৰ লাভ কৰা ছাত্ৰী আৰু ৭৫ শতাংশ বা তাতোধিক নম্বৰ লাভ কৰা জিলাখনৰ ছাত্ৰসকলে একোখন হিৰো স্কুটী সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিছে ৷ এই অনুষ্ঠানত আদৰণি ভাষণ দিয়ে মৰিঢল মহাবিদ্যালয়ৰ অধ্যক্ষ দীপেন শইকীয়াই (Principal Dipen Saikia) ৷ অনুষ্ঠানত মুঠ ১১ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত মন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে স্কুটী বিতৰণ কৰে (Dhemaji scotty distribution by minister Sanjay Kishan)৷ বাকীসকলক পৰ্যায়ৰ ক্ৰমে হিৰো স্কুটী প্ৰদান কৰিব বুলি সভাত ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে ৷ উল্লেখ্য যে জিলাখনৰ মুঠ ১২৪৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এই বঁটা লাভ কৰিব ৷
Last Updated : Feb 3, 2023, 8:35 PM IST