thumbnail

Minister Ranjit Dass : অসমত কংগ্ৰেছ শূন্য হ’বলৈ গৈ আছে: ৰণজিৎ দাস

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 5:19 PM IST

ৰঙিয়া, 6 নৱেম্বৰ : লোকসাভা নিৰ্বাচনত অসমৰ পৰা কোনে কিমানখন আসন পাব তাৰ হিচাপ কৰাত ব্যস্ত ৰাজনৈতিক দলসমূহ ৷ বিশেষকৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আগন্তুক নিৰ্বাচনত বিজেপিয়ে কিমানখন আসন পাব তাক লৈ ভৱিষ্যদ্বাণী কৰিছিল ৷ ৰঙিয়াৰ এক জনসভাত অংশগ্ৰহণ কৰি অসমত এইবাৰ বিজেপিৰ আসন শূন্য হ’ব বুলি উল্লেখ কৰিছিল এ পি চি চিৰ সভাপতি বৰাই ৷ সভাপতি বৰাৰ মন্তব্যক এইবাৰ ওভতি ধৰিলে মন্ত্ৰী ৰণজিৎ দাসে ৷

সোমবাৰে ৰঙিয়াত মন্ত্ৰী দাসে কয়, ‘‘ৰাইজৰ মাজত হাঁহিৰ খোৰাক যোগাবলৈ ভূপেন বৰাই এনেধৰণৰ মন্তব্য কৰিছে ৷ আমি নহয় অসমত কংগ্ৰেছ শূন্য হ’বলৈ গৈ আছে ৷ অসমত বিজেপিয়ে এখনো আসন লাভ নকৰে বুলি কোৱা কথাটো কল্পনাৰ বাহিৰে আন একো নহয় ৷ এজন দলৰ সভাপতি হৈ এই ধৰণৰ মন্তব্য কৰাটো অনুচিত ৷ সভাপতি হৈ থাকোতে কংগ্ৰেছে কিমানখন আসন পাব, কোন কোন সমষ্টিত জিকিম, কিমান ভোটত জিকিম আগতীয়াকৈ মই কৈছিলো ৷ বৰাৰ নিজৰ ওপৰত বিশ্বাস আছে যদি চালে-বেৰে কোবোৱাৰ সলনি বিতং তথ্য সহকাৰে বিজেপিৰ সম্পৰ্কে মন্তব্য কৰক ৷’’

লগতে পঢ়ক:Lok Sabha Election : মিত্ৰজোঁটৰ আসনক লৈ দিল্লীয়েহে ল’ব সিদ্ধান্ত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.